06/26/2019 - 16:23
in
ডিজিটেল ডেস্কঃ তামুলপুৰৰ বিভিন্ন প্ৰান্তত বানে সংহাৰী ৰূপ ধাৰণ কৰিছে। ভুটানৰ পৰা প্ৰবল সোঁতত বৈ অহা মটঙা, বাল্টি, পাগলাদিয়া নৈৰ বাঢ়নি পানীয়ে জলমগ্ন কৰিছে কাউলি, খৰাণী, গুৱাবাৰী, সাহপুৰ, কাৰখেলা, নাগৰিজুলী আদি বহু অঞ্চল। মটঙা নৈৰ বাঢ়নি পানীয়ে বুৰাই পেলাইছে কেইবাটাও অঞ্চল।
তদুপৰি সম্প্ৰতি বানৰ কৱলত পৰিছে কেইবাখনো শিক্ষানুষ্ঠান। ঠায়ে ঠায়ে যাতায়ত ব্যৱস্থা বিছিন্ন হৈ পৰাৰ লগতে মটঙা নৈৰ পানীয়ে বুৰাই পেলাইছে কুমাৰীকাটা কাউলি সংযোগী মূল পথটি। ইফালে কাউলি নৈৰ বাঢ়নি পানীয়েও ঠায়ে ঠায়ে সৃষ্টি কৰিছে প্ৰবল গৰাখহনীয়া।