ম'বাইল অন কৰাৰ পিছতে মৃত্যুক সাৱটিলে বিজেপি নেতাই

 06/26/2019 - 18:16

ডিজিটেল ডেস্ক: এটা ম'বাইল ফোনে কাঢ়ি নিলে এজনৰ জীৱন। ওৰে নিশা চাৰ্জত লগাই থোৱা ম'বাইল ফোন অন কৰাৰ পিছতে মৃত্যুক আঁকোৱালি ল'লে এজন নেতাই। বিজেপি নেতাজন কৰ্ণাটকৰ কলাৰৰ বাংগাৰপেটৰ নিৱাসী ৫৮ বছৰীয়া টি এচ নাগা প্ৰকাশ বুলি জানিব পৰা গৈছে।

পুৱতি নিশা তিনিমান বজাত চাৰ্জত লগাই থোৱা ম'বাইলটো অন কৰোতে শ্ব'ট ৰ্চাকিট হৈ মৃত্যুক আকোৱালি লয়। তেওঁক ৰক্ষা কৰিবলৈ যাওঁতে পত্নী আৰু পুত্ৰও কিছু পৰিমাণে অগ্নিদগ্ধ হয়। কৰ্ণাটকৰ এই ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈছে ছচিয়েল মিডিয়াত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।