গুৱাহাটীঃ গুৱাহাটীৰ সামাজিক-সাংস্কৃতিক অনুষ্ঠান নক্ষত্ৰ গোষ্ঠী তথা প্ৰডাকচনৰ সৌজন্যত অহা ৭ জুলাই ২০১৯ ৰ পৰা ১৭ জুলাই ২০১৯ লৈ সদৌ অসম ভিত্তিত ষষ্ঠ বাৰ্ষিক গ্ৰীষ্মকালীন নাট আৰু নৃত্য কৰ্মশালাৰ আয়োজন কৰা হৈছে। উক্ত কৰ্মশালাত প্ৰশিক্ষক হিচাপে থাকিব বিশিষ্ট অভিনেত্ৰী চেতনা দাস, মলয়া গোস্বামী, অৰুণ হাজৰিকা, সত্যেন শৰ্মা, গুণাকৰ দেৱ গোস্বামী, জ্যোতিনাৰায়ণ নাথ (NSD), মৃণাল হালৈ, প্ৰকাশ মেধি, হেৰম্ব শৰ্মা, ৰাকেশ ভড়ালী(photographer), ৰাজ শেখৰ (choreographer)ৰ লগতে নাট্যজগতৰ মহাৰথী (ভ্ৰাম্যমান মঞ্চৰ ট্ৰেজেদি কিংখ্যাত) জনপ্ৰিয় অভিনেতা মৃদুল ভূঞা।
(ক-শাখা ৪ বছৰৰ পৰা ১৩ বছৰলৈ আৰু খ- শাখা ১৩ বছৰৰ উৰ্দ্ধত)। কামাখ্যাগেট দুৰ্গা সৰোবৰৰ বিদ্যাপীঠ প্ৰাঙ্গনত হ’বলগীয়া নাট আৰু নৃত্য কমৰ্শালা ৰাতিপুৱা ১০.৩০ বজাৰ পৰা বিয়লি ৪.০০ বজালৈ অনুষ্ঠিত হ'ব। এই প্ৰশিক্ষণ শিবিৰত মঞ্চ, চলচ্চিত্ৰ, নৃত্য, ৰূপসজ্জা, সাজসজ্জা আৰু আলোকচিত্ৰ শিল্পৰ বিষয়ে প্ৰশিক্ষণ দিয়া হ’ব। ইচ্ছুক ব্যক্তিয়ে অস্থায়ী কাৰ্যালয়, দুৰ্গাসৰোবৰ বিদ্যাপীঠ হাইস্কুল, কামাখ্যাগেট, গুৱাহাটী-৯ অথবা দূৰভাষ : ০৯৬১৩৩৬৫৮১৭, ০৮৪৮৬৩২১৯৯২ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে আয়োজক কমিটিৰ সম্পাদক শ্ৰী হেৰম্ব শৰ্মাই।