বৰপেটাত এম জি এনৰেগা আচঁনি উন্মোচনত অনিয়ম

 06/26/2019 - 19:34

বৰপেটাঃ সমগ্ৰ বৰপেটা জিলাতে এনৰেগা আঁচনিৰ তালিকা প্ৰস্তুত হোৱা নাই। তেনেস্থলত জিলা প্ৰকল্প বিষয়া তথা জিলা পৰিষদক বুঢ়া আঙুলি দেখুৱাই প্ৰাক্তন মন্ত্ৰী তথা চেঙা বিধানসভা সমষ্টিৰ বিধায়ক শুকুৰ আলী আহমেদে কৰিলে আচঁনি উন্মোচন। বৰপেটা জিলাৰ চেঙা উন্নয়ন খণ্ডৰ অধীনস্থ মহচৰা গাঁও পঞ্চায়ত আৰু কাছুমাৰা গাঁও পঞ্চায়তত এনৰেগা আঁচনি ৰূপায়ণৰ নামত বৃহৎ অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।

বিভাগীয়ভাবে অনুমোদন লাভ নকৰাকৈ স্থানীয় বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী শুকুৰ আলী আহমেদে ১৬ জুনত শুভাৰম্ভ কৰিলে দুখনকৈ আঁচনিৰ কাম। ২০১৯-২০ বৰ্ষৰ এমজিএনৰেগা আঁচনিৰ অধীনত নীতি বহিৰ্ভূতভাৱে এনেকৈ আঁচনি শুভাৰম্ভ কৰাত জাঙুৰ খাই উঠিছে একাংশ ৰাইজ। ৰাজনৈতিক মুনাফা আদায়ৰ বাবে আৰু একাংশ অনুগামীক লৈ বিধায়ক শুকুৰ আলী আহমেদে শুভাৰম্ভ কৰিলে আঁচনি দুখন।

বিধায়ক শুকুৰ আলী আহমেদৰ এনে হঠকাৰী কৰ্মত ক্ষোভিত হৈ একাংশ স্থানীয় লোকে বৰপেটা জিলা প্ৰকল্প বিষয়াক অভিযোগ দাখিল কৰিছে আৰু চৰজমিন তদন্ত কৰি দোষীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।