খাৰুপেটিয়াঃ দৰং আৰক্ষীয়ে অভিযান চলাই আজি পুৱতি নিশা তিনি দুৰ্ধৰ্ষ ডকাইত গ্ৰেপ্তাৰ কৰে। দৰঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক উজ্জল বৰুৱাৰ নেতৃত্বত খাৰুপেটীয়া আৰু ধূলা আৰক্ষীৰ যৌথ অভিযানত হোমগাৰ্ডসহ তিনি দুৰ্ধৰ্ষ ডকাইত গ্ৰেপ্তাৰ কৰে। ধৃত তিনি ডকাইত হ’ল ধূলাৰ আব্দুল ওৱাহাব, আব্বাছ আলী আৰু ওজাগাৱৰ বানাজ উদ্দিন আহমেদ।
ইয়াৰে আব্দুল ওৱাহাব পূৰ্বতে হোমগাৰ্ড আছিল আৰু দৰঙৰ বিভিন্ন থানাত কাম কৰিছিল। আৰক্ষীয়ে ডকাইতকেইজনৰ পৰা এটা লেপটপ উদ্ধাৰ কৰিছে। আৰক্ষী বিষয়া উজ্জল বৰুৱাই জনোৱা মতে ডকাইতৰ এটা ডাঙৰ গেং আছে যিয়ে গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত অপৰাধমূলক কামত জড়িত। লগতে তেওঁ জনায় যে এই সংক্ৰান্তত আৰু কেইজনমান গ্ৰেপ্তাৰ হ’ব আৰু তাৰ অনুসন্ধান চলাই থকা হৈছে।
উল্লেখ্য যে চাৰি দিন পূৰ্বে অসম আৰক্ষীৰ ম’ষ্ট ৱাণ্টেড দুৰ্ধৰ্ষ ডকাইত আশ্বাবাবুক অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত গ্ৰেপ্তাৰ কৰাৰ পাছতে এটাৰ পাছত এটাকৈ আজি তিনিজন দুৰ্ধৰ্ষ ডকাইত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷