হাটশিঙিমাৰীত দুগৰাকী ভেণ্ডাৰৰ লাইচেঞ্চ বাতিল

 06/26/2019 - 20:34

হাটশিঙিমাৰীঃ দঃশালমাৰা মানকাচৰ জিলা সদৰ হাটশিঙিমাৰী ন্যায়িক আদালতৰ চৌহদত চৰা দামত জুডিচিয়েল ষ্টাম্প পেপাৰ বিক্ৰীৰ অভিযোগত মহম্মদ আদম আলী মণ্ডলৰ লাইচেঞ্চ নম্বৰ ৪৪, ১৪ ডিচেম্বৰ /১৯৮৩ আৰু আফতাৰ হুছেইন মণ্ডলৰ ৪২, ৮ ডিচেম্বৰ /১৯৮৩ নম্বৰৰ দুগৰাকী ভেণ্ডাৰৰ লাইচেঞ্চ বাতিল কৰা হয়।

জানিব পৰা মতে লাইচেঞ্চ পোৱাৰ পিছৰে পৰা আজি পৰ্য্যন্ত ভেণ্ডাৰৰ লাইচেঞ্চ ৰিনিউৱেল নকৰি চৰকাৰক ৰাজহৰ পৰা বঞ্চিত কৰি আহিছিল দুয়োজন ভেণ্ডাৰে। তদুপৰি দীৰ্ঘদিন ধৰি জুডিচিয়েল ষ্টাম্প পেপাৰৰ নাটনি দেখুৱাই চৰা দামত গ্ৰাহকৰ পৰা বিক্ৰী কৰি আহিছিল ষ্টাম্প পেপাৰ। হাটশিঙিমাৰী বাৰ এছোচিয়েছনৰ সম্পাদক আৰু উপ সভাপতিৰ অভিযোগৰ ভিত্তিত কাৰ্য্যবাহী দণ্ডাধীশে হাতে লোটে ধৰা পেলায় দুয়োকে।

এই ঘটনাত জড়িত মহম্মদ আদম আলী মণ্ডল আৰু আফতাৰ মণ্ডলৰ পুত্ৰ গোলজাৰ হুছেইন মণ্ডলক সোমবাৰৰ দিনা কাৰ্য্যবাহী দণ্ডাধীশে দুয়োগৰাকী ভেণ্ডাৰৰ লাইচেঞ্চ ছাৰেণ্ডাৰ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।