বৰপেটাঃ আজি আন্তৰ্জাতিক নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰ আৰু অবৈধ সৰবৰাহৰ বিৰোধী দিৱস । তদুপলক্ষে আজি হাউলীৰ ৬৪ এছ এছ বি বেটেলিয়ান কেম্পতো এই দিৱসটো পালন কৰা হয়। কেম্পটোৰ বিষয়া-কৰ্মচাৰীক সজাগ কৰাৰ লগতে দিৱসটোৰ তাৎপৰ্য পৰ্যবেক্ষণৰ বাবে আয়োজিত সভাত সকলোকে আদৰণি আৰু শুভেচ্ছামূলক ভাষন আগবঢ়ায় কমাণ্ডেণ্ট লৈজানকাই শীতলহাৱে।
অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ভাষন আগবঢ়ায় এছিয়ান মিছন ইনষ্টিটিউটৰ সঞ্চালক ডা০ আব্দুল কদ্দুছ শিকদাৰে। কয়াকুছিৰ সমন্বয় সাহিত্য গোষ্ঠীৰ মুখ্য সম্পাদক ছাহেদ আলী আহমেদ অতিথি হিচাপে উপস্থিত থকা সজাগতা সভাত কেম্পটোৰ সহকাৰী কমাণ্ডেণ্ট ডা০ এম ৰঞ্জন সিংহই উক্ত বিষয়ৰ ওপৰত বিস্তৃত বক্তব্য আগবঢ়ায়।
কেম্পটোৰ নিৰীক্ষক ৰজনীশ কুমাৰ¸ এল কুমাৰ সিংহ¸ সহকাৰী নিৰীক্ষক ৰাজ কুমাৰৰ সৈতে কেম্পটোৰ কৰ্মৰত সকলো বিষয়া¸ সহকাৰী বিষয়া¸ কৰ্মচাৰী উপস্থিত থাকি সজাগতা সভাখন সফলতাৰে সম্পন্ন কৰে।