ডিজিটেল ডেস্কঃ ছহিদ পত্নী বুলিয়ে নহয়, এগৰাকী মহিলা হিচাপে ছাহিল আব্বাছক কঠোৰ শাস্তি বিহাতো বিচাৰো- এই মন্তব্য ছহিদ সুনীল কলিতাৰ পত্নী পদুমী কলিতাৰ। উল্লেখ্য যে ছট্টীশগড়ত মাওবাদীৰ আক্ৰমণত ছহিদ হোৱা সুনীল কলিতাৰ পত্নীক উদ্দেশ্যি ছচিয়েল মিডিয়াত অত্যন্ত অশালীন মন্তব্য কৰিছিল নৰাধম ছাহিলে। এই মন্তব্যই দেশজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল।
এই সন্দৰ্ভত কমলপুৰ থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত কমলপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃণাল দাসৰ নেতৃত্বত তিনিজনীয়া অসম আৰক্ষীৰ দলে জম্মু–কাশ্মীৰৰ কুলগাম জিলাৰ পৰা ছাহিল আব্বাছক গ্ৰেপ্তাৰ কৰি অসমলৈ আনে। এগৰাকী মহিলাক এনে নিকৃষ্টতম ব্যৱহাৰ কৰা ছাহিল আব্বাছৰ কঠোৰ শাস্তি পোষকতা কৰি ইয়াৰ পিছত কোনেও এনেধৰণৰ কাম কৰিবলৈ যাতে দু:সাহস নকৰে তেনে এক দৃষ্টান্তমূলক শাস্তি দিব লাগে বুলি উল্লেখ কৰে ছহিদগৰাকীৰ পত্নীয়ে। দোষীক অতি সোনকালেই কৰায়ত্ত কৰা বাবে অসম আৰক্ষীৰো শলাগ লয় ছহিদ পত্নী পদুমী কলিতাই।