06/27/2019 - 20:12
in
শ্ৰীৰামপুৰঃ এবিএমছুৰ প্ৰয়াত সভাপতি লাফিকুল ইছলামৰ হত্যাকাৰীক কৰায়ত্ত কৰি কঠোৰ শাস্তিৰ লগতে এখন শুদ্ধ এনআৰচিৰ দাবীত আজি সদৌ বিটিএডি সংখ্যালঘু ছাত্ৰ সন্থা (এবিএমছুৰ) উদ্যোগত গোসাইগাঁও মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰুপায়ণ কৰা হয়৷
এবিএমছুৰ গোসাইগাঁও জিলা সমিতিৰ উদ্যোগত দুপৰীয়া ১২ বজাৰ পৰা আৰম্ভ হোৱা ধৰ্মঘট কাৰ্যসূচীত এবিএমছুৰ অৰ্ধশতাধিক কৰ্মী-সমৰ্থকে হাতে হাতে বেনাৰ-ফেষ্টুন লৈ অংশগ্ৰহণ কৰি তীব্ৰ প্ৰতিবাদ কৰে৷ প্ৰতিবাদকাৰীসকলে এবিএমছু জিন্দাবাদ, বিজেপি চৰকাৰ হায় হায়, শুদ্ধ এনআৰচি লাগিবই, লাফিকুলৰ হত্যাকাণ্ডৰ বিচাৰ লাগিবই আদি শ্লোগান দি আকাশ-বতাহ উত্তাল কৰি তোলে৷ ধৰ্ণাৰ শেষত কেবাটাও দাবী সন্মিলিত এখন স্মাৰকপত্ৰ মহকুমাধিপতিৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে৷