ৰঙিয়াঃ ৰঙিয়াত তিনিখনকৈ বিলাতী সুৰাৰ ট্ৰাক আৱদ্ধ। তিনিদিন ধৰি আৱদ্ধ হৈ আছে ৰঙিয়াত। আৱকাৰী বিভাগৰ সন্দেহজনক স্থিতি। মণিপুৰৰ পৰা ঝাৰখাণ্ডলৈ গৈ আছিল গাড়ীকেইখন। এক গোপন খবৰৰ ভিত্তিত আৱকাৰী বিভাগে জব্দ কৰিছিল ট্ৰাককেইখন। জব্দৰ পিচতে চালকৰ পৰা নথিপত্ৰ লৈ গৈছিল আৱকাৰী বিভাগৰ বিষয়াই।
সাংবাদিকে অৱগত হোৱাৰ পিচত ট্ৰাকৰ তলা খুলি তালাচী চলোৱাৰ কথা আছিল। নাটকীয় ভাৱে চালক হেণ্ডিমেনৰ লগত যোগাযোগ বিচিন্ন কৰি এনেদৰে ৰখাই থৈছে বিলাতি সুৰা ভৰ্তী ট্ৰাক তিনিখন।আৱকাৰী বিভাগৰ গোপন বুজাবজিৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে। এইলৈ সন্দেহ হৈছে আৱকাৰী বিভাগৰ বিষয়াৰ ওপৰত। আজি দিনৰ ভাগত ট্ৰাকৰ ভিতৰত থকা সুৰাসমূহ পৰীক্ষা কৰাৰ কথা আছে যদিও এতিয়ালৈ একো কৰা নাই আবকাৰীৰ দলে।উল্লেখ্য যে ৰঙিয়া ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত দুখন ট্ৰাক ৰাখি থোৱাৰ বিপৰীতে এখন মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত ৰাখিছে আৱকাৰী বিভাগে।