06/28/2019 - 15:15
in
নাৰায়নপুৰঃ অসমৰ অন্যতম খিলঞ্জীয়া জনগোষ্ঠী খামতি সম্প্ৰদায়ৰ বিশিষ্ট সমাজসেৱীকা হেমপ্ৰভা গোঁহাইয়ে যোৱা ২৭ জুনৰ পুৱা প্ৰায় ২-৩০ বজাত ইহলীলা সম্বৰণ কৰে। উল্লেখযোগ্য যে লখিমপুৰ জিলাৰ নাৰায়নপুৰত থকা সৰ্ববৃহৎ খামতি সম্প্ৰদায়ৰ বসতিস্থল বৰখামতি গাঁৱৰ মূৰব্বী (ৰজা) চন্দ্ৰ গোঁহাইৰ পত্নী হেমপ্ৰভা গোঁহাইৰ মৃত্যুত নাৰায়নপুৰেই নহয় সমগ্ৰ অসমৰ খামতি সম্প্ৰদায়ৰ মাজত এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে।
প্ৰায় ৮০ বছৰ অতিক্ৰম কৰা সমাজসেৱীকা গৰাকীক সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতি অনুসৰি ধৰ্মৰ মাণ্ডলিক প্ৰথাৰে চিতাত উঠাই শেষ অন্তােষ্টিক্ৰিয়া সম্পন্ন কৰে।