গৌৰীসাগৰত হোণ্ডা এক্টিভাসহ চোৰ আটক

 06/28/2019 - 16:48

আমগুৰিঃ শিৱসাগৰ জিলাৰ আৰক্ষীৰ টোপনি হৰণ কৰা গভাইট চোৰ গ্ৰেপ্তাৰ। ধৃত চোৰটোৰ নাম অংকুৰ দাস। চোৰটোৰ ঘৰ কোঁৱৰপুৰ শেণচোৱাত বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে চোৰটোৰ লগতে AS 04 U 1360 নম্বৰৰ এখনি হোণ্ডা এক্টিভা জব্দ কৰিছে। আৰক্ষীয়ে চোৰটোৰ পৰা তলা ভঙাত ব্যৱহাৰ কৰা লোহাৰ সামগ্ৰী উদ্ধাৰ কৰিছে।

ধৃত চোৰটোৱে জয়সাগৰ, গৌৰীসাগৰ, আমগুৰি অঞ্চলত বিভিন্ন পৰিয়ালত চুৰি কৰা বুলি আৰক্ষীৰ আগত প্ৰকাশ কৰিছে। কিছুদিন পূৰ্বে গৌৰীসাগৰৰ ফুকনফদীয়া মিটং পাৰৰ দিগন্ত গায়ন, গৌৰীসাগৰৰে ধীৰেণ শৰ্মা, জয়সাগৰৰ পৰেশ কলিতাৰ গৃহত এই চোৰটোৱে লুটপাট কৰা বুলি আৰক্ষীৰ বিশেষ সূত্ৰই প্ৰকাশ কৰিছে। যোৱা নিশা গৌৰীসাগৰ আৰক্ষীয়ে কোঁৱৰপুৰ শেণচোৱাৰ নিজা বাসগৃহৰ পৰা চোৰটোক গ্ৰেপ্তাৰ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।