ডবকাত গৰ্ভস্থ সন্তানক হত্যা কৰা মাতৃৰ বিৰুদ্ধে পিতৃৰ গোচৰ

 06/29/2019 - 13:24

লংকাঃ হোজাই জিলাৰ ডবকা থানাৰ অন্তৰ্গত নিখাৰীমুখ গাঁৱৰ কবিৰ আহমেদৰ পত্নী চোহানা বেগমে সেই একেখন গাওঁৰ যুৱক খাইৰুল ইছলামৰ লগত কেইবা বছৰ ধৰি অবৈধ সম্পর্ক ৰাখি গৰ্ভাৱস্থাত যোৱা ১৫ জুন শনিবাৰে খাইৰুল ইছলামৰ লগত পলায়ন কৰে। পলায়ন কৰাৰ পিছত গৰ্ভস্থ সন্তানটিক হত্যা কৰি চোহানা বেগমে তেওঁৰ স্বামী কবিৰ আহমেদক হোৱাটচআপ যোগে সন্তানটিৰ মৃত ভ্ৰুণৰ ফটো পথায়।

এই ঘটনা সংক্ৰান্তত ডবকা আৰক্ষী থানাত কবিৰ আহমেদে এক গোচৰ ৰুজু কৰিছে যদিও এতিয়ালৈকে চোহানা বেগমক ডবকা আৰক্ষীয়ে কৰায়ত্ত কৰিব পৰা নাই। উল্লেখযোগ্য যে সমগ্র ঘটনাটো কেৱল চোহানা বেগমে কৰিব নোৱাৰে ইয়াৰ চিকিৎসক জড়িত আছে বুলি কবিৰ আহমেদে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। অৱশেষত কবিৰ আহমেদে ন্যায় বিচাৰি হোজাই জিলা প্ৰশাসনৰ কাষ চাপিছে। এতিয়া হোজাই জিলা প্ৰশাসনে সমগ্র ঘটনাটো উচিৎ তদন্ত কৰি কি ব্যৱস্থা গ্রহণ কৰে সেয়া সময়ত লক্ষণীয় হ’ব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।