06/29/2019 - 14:36
in
মঙলদৈঃ মঙলদৈত বিজেপিৰ গৃহ কন্দল তুংগত। মঙলদৈ চহৰত পুত্তলিকা দাহ কৰিলে প্ৰাক্তন সাংসদ ৰমেন ডেকাৰ। মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাসৰ সমৰ্থনত ওলাই আহিল প্ৰতিবাদকাৰীসকল। উল্লেখযোগ্য যে যোৱা কিছুদিন ধৰি ফেচবুক আৰু সংবাদ মাধ্যম যোগে মঙলদৈৰ প্ৰাক্তন সাংসদ ৰমেন ডেকাই বৰ্তমানৰ বিধায়ক গুৰুজ্যোতি দাসৰ বিৰুদ্ধে মন্তব্য প্ৰকাশ কৰি আহিছে।
বিশেষকৈ APSC কেলেংকাৰীত বিধায়ক গুৰুজ্যোতি দাসৰ পাঁচগৰাকী আত্মীয়ৰ নাম তদন্তৰ আওতালৈ নহাৰ বিষয়টোক লৈ সৰৱ চর্চা কৰি আহিছিল। তেনে সময়তে আজি একাংশ লোকে বিধায়ক গুৰুজ্যোতি দাসৰ সমৰ্থনত ওলাই আহি প্ৰাক্তন সাংসদ ৰমেন ডেকাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে আৰু পুত্তলিকা দাহ কৰে।
সমৰ্থকসকলে গুৰুজ্যোতি দাসৰ তিনিবছৰীয়া কাৰ্যকালত হোৱা উন্নয়নমূলক কামত ঈৰ্ষান্বিত হৈয়ে ৰমেন ডেকাই এনে আচৰণ কৰা বুলি মন্তব্য দিয়ে।