আৰম্ভ হ'ল গ্ৰীষ্মবন্ধঃ যোগীঘোপাত ছাত্র-ছাত্ৰীক ব্যতিক্ৰমী প্ৰশিক্ষণ

 06/29/2019 - 15:23

যোগীঘোপাঃ আজিৰ পৰা আৰম্ভ হ'ল গ্ৰীষ্মবন্ধ। ছয়মাহিলী পৰীক্ষাৰ অন্তত আজি যেন মুক্ত মনেৰে উশাহ লৈছে ছাত্র-ছাত্ৰীসকলে। গ্ৰীষ্ম বন্ধ বুলি ক'লেই মনলৈ আহে অতীতৰ সেই স্মৃতিমধুৰ দিনবোৰ। বন্ধ বুলিয়েই পথাৰত কলৰ ভূৰ চলোৱা, মাছ মৰা, পুখুৰীত সাঁতোৰা। বন্ধ বুলিয়েই বতৰীয়া ফল বুটলিবলৈ আৰ বাৰী, তাৰ বাৰী যেন এক মুক্ত পৃথিৱীৰ মুক্ত বিহংগ। কোনো বাধা নাই, কোনো দ্বিধা নাই।

প্ৰকৃতিৰ সৈতে একান্ত হৈ পৰা সেই দিনবোৰ এতিয়াও মধুৰ। গছ-বিৰিখত ওলমি বগাই আনন্দ-ৰহইচ কৰি কেনেকৈ এমাহ ওকলি যায়, তাৰ হিচাপ নাথাকে হাতৰ আঙুলিত। অকল গাঁৱতেই নহয়, গ্ৰীষ্ম বন্ধৰ সময়ত মামাৰ ঘৰলৈ গৈ দাদা-ভাইহঁতৰ সৈতে একেলগে ওমলাৰ আমেজেই সুকীয়া। কিন্তু যান্ত্ৰিক যুগত সকলোবোৰ অতীত।

যোগীঘোপাৰ গোবিন্দ সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ একক প্ৰচেষ্টাত ছাত্র-ছাত্ৰীসকলক গ্ৰীষ্মবন্ধৰ প্ৰাকক্ষণত ব্যতিক্ৰমী কৰ্মশালাৰ জৰিয়তে দি থকা হৈছে প্ৰশিক্ষণ। কৰ্মশালাত বাঢ়নী বনোৱা, মাটিৰ আম, কণী, অমিতা, ডাষ্টাৰ, বিচনী, ৰুমাল, টেবুল ক্লথ আদি বনোৱাৰ প্ৰশিক্ষণ দি থকা হৈছে ছাত্র-ছাত্ৰীসকলক।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।