পুনৰ ভাঙিল তামুলপুৰ-নাগ্ৰীজুলি পথ, যোগাযোগ বিচ্ছিন্ন

 06/29/2019 - 17:59

তামুলপুৰঃ বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তত অব্যাহত আছে নেৰানেপেৰা বৰষুণ। এই বৰষুণৰ ফলত তামুলপুৰ মহকুমাৰ নদ-নদীসমূহৰ পানী বৃদ্ধি পোৱাৰ ফলত বহু গাঁও ইতিমধ্যে প্লাবিত হৈছে। বহু কৃষি ভূমি পানীত বুৰ যোৱাৰ উপৰি বহু লোক গৃহহাৰা হ’বলগীয়া হৈছে। যোৱা চাৰিদিন আগতে মটঙা নৈৰ পানী বাঢ়ি তামুলপুৰ-নাগ্ৰীজুলি পথৰ মাজেৰে যোৱা লাল দোঙত পৰাত দোংটোৰ বাঢ়নী পানীয়ে তামুলপুৰ-নাগ্ৰীজুলি সংযোগী পথৰ উপ-পথচোৱা ছিঙি পেলাইছিল।

ফলত তামুলপুৰ-নাগ্ৰীজুলি পথৰে যোগাযোগ বিচ্ছিন্ন হৈ পৰিছিল। পৰহি অৰ্থাৎ বৃহস্পতিবাৰে কালভাৰ্ট বহুৱাই পুনৰ মেৰামতি কৰি দিয়া হৈছিল পথছোৱা। উল্লেখ্য যে তামুলপুৰ-নাগ্ৰীজুলি পথত লাল দোঙৰ ওপৰত পকী দলঙৰ নিৰ্মাণ কাৰ্য্য চলি থকা বাবে গাড়ী-মটৰ চলাচলৰ বাবে নিৰ্মীয়মান দলংখনৰ কাষেৰে নিৰ্মাণ কৰি দিয়া হৈছিল উপ-পথ আৰু উপ-পথৰ ওপৰেৰে গাড়ী-মটৰ চলাচল কৰি আছিল।

কিন্তু আজি পুনৰ লাল দোঙৰ পানী বৃদ্ধি হোৱাত আজি পুৱা উপ-পথচোৱা খহাই নিয়াত দ্বিতীয় বাৰৰ বাবে তামুলপুৰ-নাগ্ৰীজুলি পথেৰে যোগাযোগ বন্ধ হৈ পৰে। ইয়াৰ ফলত বহিঃঅঞ্চলৰ লগত বৃহত্তৰ নাগ্ৰীজুলি, গুৱাবাৰী, কাউলিকে ধৰি কেইবা শতাধিক গাঁৱৰ সাধাৰণ লোক, ৰোগী আৰু বিদ্যালয়-মহাবিদ্যালয়লৈ অহা ছাত্র-ছাত্ৰী বিপাঙত পৰিব লগীয়া হৈছে।

ইপিনে স্থানীয় ৰাইজে অভিযোগ কৰা মতে পথ নিৰ্মাণ কৰা কোম্পানীটোৱে উপ-পথছোৱা সঠিকভাবে নিৰ্মাণ নকৰাৰ বাবে এনে দৰে পানীয়ে পথছোৱা খহাই নিয়া বুলি অভিযোগ কৰিছে। ইপিনে তামুলপুৰ গোৰেশ্বৰ পথৰ ঝাৰকোনত থকা আইৰণ দলঙৰ পৰাও আজি এজন লোক বাইকসহ পানীত বাগৰি পৰাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।