বিদ্যুৎস্পৃষ্ট হৈ ১২ বছৰীয়া ছাত্ৰৰ কৰুণ মৃত্যু

 06/29/2019 - 19:37

বকোঃ বকোৰ দেওচৰত বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যুক সাৱটিলে এগৰাকী ১২ বছৰীয়া ছাত্ৰই। ষষ্ঠ শ্ৰেণীত অধ্যয়নৰত ছাত্ৰজন দীপাংকৰ মণ্ডল বুলি চিনাক্ত কৰা হৈছে।

আজি পুৱা পানীৰ মটৰৰ চুইচ দিবলৈ গৈ দীপাংকৰ বিদ্যুৎস্পৃষ্ট হয়। পিছত ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও দীপাংকৰক মৃত ঘোষণা কৰে চিকিৎসকে। ছাত্ৰজনৰ মৃত্যুত অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।