কাকপথাৰঃ এটা ক’লা দিন, যেন এজাক বিধ্বংসী ধুমুহা৷ সেই দিনটোৱে নমাই আনিলে ডাঙৰীৰ পাঁচটাকৈ পৰিয়াললৈ ঘোৰ অমানিশাৰ অন্ধকাৰ৷ কাঢ়ি লৈ গ’ল তেওঁলোকৰ সকলো সপোন৷ ভাঙি থৈ গ’ল তেওঁলোকৰ সপোনৰ ঘৰখন৷ নিমিখতে ছাই হৈ গ’ল তেওঁলোকৰ সুখৰ সংসাৰ৷ ১৯৯৪ চনৰ ২২ ফেব্ৰুৱাৰীৰ সেই ক’লা দিনটো৷ আজিও মনত পেলাই উচুপি উঠে পাঁচটাকৈ শ্বহীদৰ পৰিয়ালে৷
উচুপি উঠে সমগ্ৰ ডাঙৰী৷ ভাৰতীয় সেনাই সদৌ অসম ছাত্ৰ সন্থাৰ নেতাসহ পাঁচজনকৈ নিৰীহ যুৱকক আলফা সজাই অকথ্য নিৰ্যাতন চলাই ষড়যন্ত্ৰ কৰি অতি নিৰ্মমভাবে ঘোৰ অৰণ্যৰ মাজত নি ভুৱা সংঘৰ্ষত শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰা ঘটনাৰ আজি প্ৰায় ২৫ বছৰ উকলি গ’ল৷ সেই ঘটনাৰ বাবে সেনাৰ বিশেষ আদালতে বিচাৰৰ বাবে তলব কৰিছিল ১৭৭ জন সেনা বিষয়াসহ জোৱানক৷
আজিও যেন ন্যায়ৰ অপেক্ষাত পঞ্চ শ্বহীদৰ পৰিয়ালবৰ্গ৷ কিন্তু আজি পৰ্যন্ত কোনো ক্ষতিপূৰণ তথা সংস্থাপন লাভ নকৰিলে পঞ্চ শ্বহীদৰ পৰিয়ালে৷ সেই সময়ৰ আছুৰ কেন্দ্ৰীয় সভাপতি তথা বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সেই সময়ত তীব্ৰ আন্দোলন কৰাৰ লগতে পাঁচ লাখ টকাকৈ ক্ষতিপূৰণৰ দাবী জনাইছিল লগতে আৰু দুখীৰ উচিত শাস্তিৰ দাবী জনাইছিল৷
তেতিয়াৰ আছু নেতা সৰ্বানন্দ সোণোৱাল পৰৱৰ্তী পৰ্যায়ত মুখ্যমন্ত্ৰী হৈয়ে পঞ্চ শ্বহীদৰ পৰিয়ালক ক্ষতিপূৰণৰ লগতে সংস্থাপনৰ প্ৰতিশ্ৰুতি দিছিল যদিও লংকালৈ গ’লে যেন সকলোৱে ৰাবন হয়৷ আজি পৰ্যন্ত সেই প্ৰতিশ্ৰুতি পূৰণ কৰা পৰিলক্ষিত নহ’ল৷ ক্ষোভিত হৈ পৰিছে আছু তথা পঞ্চ শ্বহীদৰ পৰিয়ালবৰ্গ৷
সেইবাবে আজি অৱস্থান ধৰ্মঘটৰ যোগেদি আছুৱে শ্বহীদৰ পৰিয়ালবৰ্গক পাঁচ লাখ টকাকৈ ক্ষতিপূৰণ, যোগ্যতা অনুযায়ী পৰিয়ালৰ লোকক সংস্থাপনৰ দাবী জনোৱাৰ লগতে দোষীক কি শাস্তি বিহা হ’ল তাৰ স্পষ্টীকৰণ বিচাৰে৷ আজিৰ এই দুই ঘণ্টীয়া অৱস্থান ধৰ্মঘটত পঞ্চ শ্বহীদৰ পৰিয়ালবৰ্গও অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈ অনুৰোধ জনায়৷