06/29/2019 - 20:49
in
জুৰীয়াঃ জুৰীয়াত যৌতুকৰ বাবে ভয়ংকৰ কাণ্ড। মৰিয়াই মৰিয়াই নৃশংসভাৱে হত্যা কৰিলে পত্নীক। জুৰীয়াৰ নিজ জুৰীয়াত সংঘটিত এই জঘন্য ঘটনা। জুৰীয়া কদমণি পথাৰ গাঁৱৰ ৰেজিয়া খাতুনৰ এবছৰ পূৰ্বে বিয়া হৈছিল নিজ জুৰীয়াৰ ৰুকুন উদ্দিনৰ সৈতে। বিয়াৰ পিছৰ পৰাই যৌতুক বিচাৰি হাৰাশাস্তি কৰি আহিছিল বোৱাৰীক।
পিতৃ-মাতৃ নথকা দৰিদ্ৰ পৰিয়ালৰ ৰেজিয়া খাতুনৰ স্বামী ৰুকুন উদ্দিনে এক লাখ টকা যৌতুক বিচাৰিছিল আত্মীয়ৰ পৰা। শনিবাৰে স্বামী ৰুকুন উদ্দিনে অতি নৃশংসভাৱে হত্যা কৰাৰ অভিযোগ ৰেজিয়াৰ পৰিয়ালৰ। আৰক্ষী থানাত স্বামী ৰুকুন উদ্দিনৰ লগতে শাশুৰ বিৰুদ্ধে জুৰীয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।