বটদ্ৰৱাঃ যি সময়ত দেশ তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভস্বৰূপ সাংবাদিকৰ জীৱনলৈ বিভিন্ন ধৰণৰ ভাবুকি তথা নিৰ্যাতন হৈ আহিছে ঠিক তেনে সময়তেই নগাঁও জিলাৰ বটদ্ৰৱাৰ দুগৰাকী সাংবাদিকৰ বিৰুদ্ধে দুষ্টচক্ৰই ষড়যন্ত্ৰত লিপ্ত হোৱাৰ এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে।
ঘটনাৰ বিবৰণী মতে বটদ্ৰৱা প্ৰেছ ক্লাৱৰ উপসভাপতি তথা এখন বাতৰি কাকতৰ বটদ্ৰৱাৰ সাংবাদিক দিব্যজ্যোতি বৰুৱা আৰু বটদ্ৰৱা প্ৰেছ ক্লাৱৰ সাংগঠনিক সম্পাদক তথা এখন বাতৰি কাকতৰ বটদ্ৰৱাৰ সাংবাদিক দিলদাৰ হুছেইনৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰি এটি দুষ্টচক্ৰই যোৱা ২৮ জুনৰ দিনা দুপৰীয়া ১.৩৪ বজাত ভুৱা ইমেইল একাউণ্টৰ জড়িয়তে এটি বিতৰ্কিত বিষয়ৰ বাতৰি সাংবাদিক দুজনৰ নাম ব্যৱহাৰ কৰি অসমীয়া প্ৰতিদিন কাকতৰ মুখ্য কাৰ্যালয়লৈ প্ৰেৰণ কৰে।
সাংবাদিক দুজনক জনসমাজত হেয় প্ৰতিপন্ন কৰাৰ লগতে সাংবাদিক দুজনক বিপদত পেলাবলৈ দুষ্টচক্ৰটোৱে এক কুটিল ষড়যন্ত্ৰত লিপ্ত হৈ দিলদাৰ হুছেইন নামৰ সাংবাদিকজনৰ নামত এটা ভুৱা ইমেইল একাউণ্ট খুলি দিব্যজ্যোতি বৰুৱাৰ নাম আৰু বাতৰি প্ৰেৰণৰ ঠিকনা ব্যৱহাৰ কৰি সাংবাদিকে লিখাৰ দৰে এটি বাতৰি প্ৰেৰণ কৰে।
বাতৰিটো পোৱাৰ পাছত অসমীয়া প্ৰতিদিনৰ কাৰ্যালয়ৰ পৰা দিব্যজ্যোতি বৰুৱাক যোগাযোগ কৰাত সাংবাদিকগৰাকী হতভম্ব হৈ পৰে। উক্ত বিয়ষত সঠিক তদন্ত কৰি দোষীক বিচাৰি উলিয়াবৰ বাবে আজি পুৱা বটদ্ৰৱা আৰক্ষী থানাত সাংবাদিক দুজনে পৃথকে পৃথকে দুখন এজাহাৰ দাখিল কৰে আৰু বিয়লি নগাঁও জিলা উপায়ুক্তকো অভিযোগ দাখিল কৰে।
কাজেই সাংবাদিকৰ বিৰুদ্ধে ষড়যন্ত্ৰত লিপ্ত হোৱা দুষ্টচক্ৰটোক কৰায়ত্ত কৰি দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাইছে নগাঁও প্ৰেছ ক্লাৱ, বটদ্ৰৱা প্ৰেছ ক্লাৱ, জাজৰি প্ৰেছ ক্লাৱ, ধিং প্ৰেছ ক্লাৱ, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাজ্যিক যুটীয়া সম্পাদক চন্দ্রামিকা কলিতা, বটদ্ৰৱা শাখাৰ সম্পাদক অকাশদ্বীপ নাথ, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক প্ৰবিন চন্দ্ৰ দাস, নগাঁও জিলা হিন্দু যুৱ ছাত্ৰ পৰিষদৰ সভাপতি অমৰজ্যোতি কলিতা, বটদ্ৰৱা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি তপন কলিতা, সম্পাদক পবিত্ৰ কলিতা, সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন নগাঁও জিলা সমিতিয়ে।