ছয়গাঁওঃ ছয়গাঁও শ্ৰীমন্ত শঙকৰদেৱ কলা কৃষ্টি বিকাশ কেন্দ্ৰত আজি এক মুখামুখি অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত ভিলেজ ৰকষ্টাৰ্ছ ছবিৰ জৰিয়তে অসমীয়া ছবিক অস্কাৰৰ দুৱাৰডলিলৈ লৈ যোৱা ৰাষ্ট্ৰীয় "স্বৰ্ণ কমল" বঁটা বিজয়ী পৰিচালক ৰীমা দাস উপস্থিত থাকে। ছয়গাঁও শিল্পী সমাজে আয়োজন কৰা আজিৰ এই অনুষ্ঠানত শিল্পীপ্ৰাণ আটায়ে মুখামুখি হৈ ৰীমা দাসৰ লগত মুক্ত মনে বাৰ্তালাপ কৰে।
লোকশিল্পী তথা জ্যেষ্ঠ সাংবাদিক সুকুমাৰ মেধিয়ে আঁত ধৰা অনুষ্ঠানটোৰ সঞ্চালনা কৰে শিল্পী সমাজৰ সভাপতি কামেশ্বৰ নাথে। ৰীমা দাসে অস্কাৰ কিয় পাবলৈ সক্ষম নহ’ল সেই বিষয়ে ক’বলৈ গৈ বিশ্বৰ বাকীবোৰ দেশৰ তুলনাত ভাৰতবৰ্যই বহু পলমকৈ কথাবোৰ গম পায়। যাৰ ফলত ৰীমা দাসক নিৰ্বাচন কৰোতে বহু পলম হৈ গ’ল বুলি উল্লেখ কৰে। অসম চৰকাৰৰ ফালৰ পৰা অস্কাৰৰ বাবে মোলৈ আগবঢ়োৱা ১ কোটি টকা একোৱেই নহয় বুলি কয় পৰিচালকগৰাকীয়ে।
এয়া এখন ভয়ানক যুদ্ধ আছিল বুলি কৈ তাত যুজঁ দিব পৰাটোও ভাগ্যৰ কথা বুলি কয়। বাকীবোৰ নিৰ্বাচিত ছবিয়ে এই যুদ্ধত বহু আগবাঢ়ি যোৱাৰ পিছতহে ৰীমা দাসে যুদ্ধ ক্ষেত্ৰলৈ ৰাওনা হোৱাৰ কথা উল্লেখ কৰে। সময়ৰ অভাৱৰ বাবেও বহুল পৰিসৰৰ প্ৰচাৰ সম্ভৱ হৈ নুঠিল বুলি কয় ৰীমা দাসে। মনোৰঞ্জনধৰ্মী ছবিৰ প্ৰতি এতিয়া আগ্ৰহী নহয় বুলি কোৱা পৰিচালকগৰাকীয়ে সংগীত তথা খেল নতুবা চকুৰ আগত দেখি থকা গাঁৱৰ মানুহৰ সঁচা জীৱনৰ আধাৰত ছবি নিৰ্মাণ কৰিবলৈ আগ্ৰহী বুলি উল্লেখ কৰি কয় যে ছয়গাঁৱত বহুত কাহিনী আছে।
"ভিলেজ ৰকষ্টাৰ্ছ"ৰ গ্ৰুপটোৰ বাবে পাৰ্ট-২ কৰি "ভিলেজ ৰকষ্টাৰ্ছ"খন পুনৰ বনাবলৈ ইচ্ছা প্ৰকাশ কৰা ৰীমা দাসে ছবিৰ ভাষা যিয়েই নহওক মানুহৰ মন একেই বুলি কয়। যাৰ বাবে ছয়গাঁৱৰ সহজ-সৰল ভাষাৰ ওপৰত নিৰ্মাণ কৰা "ভিলেজ ৰকষ্টাৰ্ছ" ছবিখন অন্য ভাষাৰ মানুহেও আদৰি লৈছিল।
"ভিলেজ ৰকষ্টাৰ্ছ" ছবিয়ে বিশ্ব বিয়পা খ্যাতিৰ পাছত আকৌ বিশ্বৰ চলচ্চিত্ৰ মহোৎসৱত চৰ্চালৈ আহিছে "বুল বুল কেন ছিং" নামৰ ছবিখনে। ইতিমধ্যে দেশ-বিদেশ আৰু ৰাজ্যত শ্ৰেষ্ঠত্বৰে সন্মানিত হোৱা উক্ত চিনেমাখন আগষ্ট মাহত ছবিগৃহলৈ আহিব বুলি কয় পৰিচালকগৰাকীয়ে। ইফালে চৰকাৰে "পূৰ্ণ চন্দ্ৰা" ছবিখন নিৰ্মাণ কৰিবলৈ দিয়া বাবে মুখ্যমন্ত্ৰী, সাংস্কৃতিক মন্ত্ৰী, অভিনেতা যতীন বৰাক ধন্যবাদ জনায়। সভাত বহু শিল্পী-সাহিত্যিক, সাংবাদিক, শিক্ষক-শিক্ষয়িত্ৰী, জেষ্ঠ লোক উপস্থিত থাকে।