06/30/2019 - 14:19
in
তিতাবৰঃ তিতাবৰ-যোৰহাট সংযোগী ন-আলিৰ মাজ বজালবাৰীত সংঘটিত হয় এক শোকাবহ পথ দুৰ্ঘটনা। দুই বন্ধু নিখিল বৰা আৰু তন্ময় ৰাজকোঁৱৰে এখন স্কুটিত টিউচন কৰিবলৈ তিতাবৰ অভিমুখে গৈ থকা অৱস্থাত যোৰহাট অভিমুখে আহি থকা এখন হিৰ’ স্প্লেণ্ডাৰ বাইকে একেদিশে গৈ থকা এখন বাছক অভাৰ টেক কৰিবলৈ যাওঁতে হোণ্ডা দি'অ স্কুটিখনৰ লগত মুখামুখি সংঘৰ্ষ হয়।
দুৰ্ঘটনাৰ ফলত থিতাতে নিহত হয় জালুকণিবাৰী কুণ্ডাৰ গাঁৱৰ নিখিল। সংকটজনক অৱস্থাত দুই যুৱক তন্ময় ৰাজকোঁৱৰ আৰু ৰাজু হাজৰিকাক উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে যদিও ৰাজু হাজৰিকা নামৰ বাইক অৰোহীজন যোৰহাট চিকিৎসা মহাবিদ্যালয়ত মৃত্যু ঘটে। ঘটনাস্থলীত জালুকনিবাৰী আৰক্ষী চকীৰ আৰক্ষী উপস্থিত হয় আৰু মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে।