জনীয়াৰ কান্দাপাৰাত চাউলখোৱা নদীৰ ওপৰত ঠিকাদাৰৰ গাফিলতিৰ বাবে আজিও নিৰ্মাণ নহ’ল দলং

 06/30/2019 - 15:43

জনীয়াঃ একমাত্ৰ ঠিকাদাৰৰ চৰম গাফিলতিৰ বাবে আজিও নিৰ্মাণ নহল কান্দাপাৰা চাউলখোৱা নদীৰ ওপৰৰ কাঠৰ দলং। ফলত যমৰ যাতনা ভুগিব লগা হৈছে সৰ্বসাধাৰণ ৰাইজে। জানিব পৰা মতে বৰপেটা জিলাৰ জনীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত কান্দাপাৰা চাউলখোৱা নদীৰ ওপৰত খকা কাঠৰ দলঙখন যোৱা বানে উটুৱাই নিয়ে। তাৰ পাছৰে পৰা বৃহত্তৰ এলেকাৰ মাজত যোগাযোগ বিচ্ছিন্ন হৈ পৰে। প্ৰতিদিনে স্কুল-কলেজৰ ছাত্ৰ ছাত্ৰীকে ধৰি প্ৰায় ২০ খন গাঁৱৰ মানুহ আহ যাহ কৰা পথছোৱাত দলংখন নথকাত কিমান অসুবিধা হৈছে একমাত্র ভুক্তভোগীয়েহে জানে।

উল্লেখ্য যে জনৈক ঠিকাদাৰ এগৰাকীয়ে কাঠ নোপোৱাৰ অজুহাত দেখুৱাই নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নকৰাটোও আন এক ৰহস্যৰ বিষয়হৈ পৰিছে। ইফালে দলং নিৰ্মাণ নোহোৱাত অধিক ভাড়া বহন কৰি নদী পাৰ হব লগা হোৱা বিষয়টো সচেতন মহলৰ মাজত চৰ্চিত হৈ পৰিছে। সম্প্ৰতি কান্দাপাৰা চাউলখোৱা নদীৰ ওপৰত থকা দলঙখন শীঘ্ৰে নিৰ্মাণৰ ক্ষেত্ৰত বৰপেটা জিলা প্ৰশাসনে কি ভুমিকা লয় তাৰেই প্ৰতীক্ষাত বৃহত্তৰ এলেকাৰ ৰাইজ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।