নগাঁওঃ নগাঁও জিলাত ৰাজহুৱা শান্তি-শৃংখলা বজাই ৰখাৰ স্বাৰ্থত জিলাখনত কাৰ্যকৰী হোৱাকৈ নগাঁও জিলাৰ অতিৰিক্ত জিলা দণ্ডাধীশ জয়ন্ত কুমাৰ বৰাই ফৌজদাৰী কাৰ্যবিধিৰ অধিনত ১৪৪ ধাৰা জাৰি কৰি কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰিছে। এই নিষেধাজ্ঞা অনুসৰি ৰাজহুৱা স্থানত পাঁচজন বা ততোধিক ব্যক্তিৰ সমাবেশ, পথৰ দাঁতিত, ৰাজহুৱা স্থান, পদপথ বেদখল, ৰাজহুৱা স্থানত জাবৰ-জোঁথৰ পেলোৱা, দ্ৰুত বেগত গাড়ী চলোৱা।
বিশৃংখলভাবে গাড়ী ৰখোৱা, ৰাজহুৱা স্থানত মাৰনাস্ত্ৰ, লাঠি, চোকা অস্ত্ৰ কঢ়িওৱা, প্ৰশাসনৰ অনুমতি অবিহনে ৰাজহুৱা স্থানত সভা-সমিতি, ধৰ্মঘট, অনশন, বিক্ষোভ প্ৰদৰ্শন কৰি ৰাষ্ট্ৰীয় পথ আৰু পদপথত যান-যঁট আদিৰ অসুবিধা কৰা চৰকাৰী স্থানত প্ৰতিকৃতি দাহ কৰা, চৰকাৰী কাৰ্যালয়ত বা ৰাজহুৱা স্থান বা ৰাষ্ট্ৰীয় ঘাই পথত দান-বৰঙণি আদি সংগ্ৰহ কৰা ৰাজহুৱা স্থানত ফটকা ফুটুৱা, নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈ চিকিৎসালয়, শিক্ষানুষ্ঠান আদিৰ আশে-পাশে উচ্চ ক্ষমতাসম্পন্ন মাইক ব্যৱহাৰ কৰা, সাম্প্ৰদায়িক ভাষন বা দেৱাল লিখন, বেনাৰ আদি লগোৱা, নগৰ এলেকাত যান-বাহনসমূহত উচ্চ ক্ষমতাসম্পন্ন লাইট ব্যৱহাৰ আৰু ক'লা গ্লাছ লগোৱা, সাধাৰণ নাগৰিকে সমাজিক পোছাক পৰিধান কৰা আদিত নিষেধাজ্ঞা আৰোপ কৰিছে।
এই ক্ষেত্ৰত বজাৰ, খেলপথাৰ, শিক্ষানুষ্ঠান, ৰে’ল ষ্টেচন, বাছ আস্থান আদি এই আদেশৰ অন্তৰ্ভুক্ত নহ'ব। লগতে আৰক্ষী, সামৰিক বাহিনী, দণ্ডাধীশ বা চৰকাৰী কামত নিয়োজিত বিষয়া কৰ্মচাৰী এই আদেশৰ অন্তৰ্ভুক্ত নহ’ব।