হাইলাকান্দিত নাৰী মুক্তিৰ সমিতি গঠন

 06/30/2019 - 18:31

শিলচৰঃ হাইলাকান্দিৰ কৃষক মুক্তিৰ ভগ্নী সংগঠন নাৰী মুক্তিৰ জিলা সমিতিক শক্তিশালী ৰুপ দিয়া হয়৷ আজি দুপৰীয়া চুলতানী চাহ বাগিছাত সমিতিখন পুনৰ গঠনক লৈ এক সভা অনুষ্ঠিত হয়।

সভাত দেবুৰাণী দাসক সভানেত্ৰী, হিমাণী দত্তক উপ-সভানেত্ৰী আৰু আনৰা বেগম লস্কৰক সম্পাদিকা মনোনীত কৰি ৫১ গৰাকী সদস্যৰে হাইলাকান্দি নাৰীমুক্তিৰ জিলা সমিতিখন পুনৰ গঠন কৰা হয় বুলি কৃষক মুক্তিৰ বৰাকৰ নেতা জহিৰ উদ্দিন লস্কৰে সংবাদ মাধ্যমক জানিবলৈ দিছে। এই সমিতিৰ মুখ্য উপদেষ্টা হিচাপে শ্ৰমিক নেতা দেবু গোয়ালাক মনোনীত কৰা হৈছে বুলি জানিব পৰা গৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।