দুলীয়াজানঃ দুলীয়াজান আঞ্চলিক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ, দুলীয়াজান আঞ্চলিক টাই আহোম ছাত্ৰ সন্থা, দুলীয়াজান আঞ্চলিক মটক যুৱ-ছাত্ৰ সন্মিলন, আৰু দুলীয়াজান আঞ্চলিক টাই আহোম যুৱ পৰিষদৰ উদ্যোগত শনিবাৰে উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰ্থিকভাবে পিছপৰা মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক সাহায্য বিতৰণ কৰা হয়৷
দুলীয়াজানৰ ৰটাৰী ক্লাবৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা অনুষ্ঠানত উদ্দেশ্য ব্যাখ্যা কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দুলীয়াজান আঞ্চলিক সভাপতি সোমেশ্বৰ ফুকনে। টাই আহোম ছাত্ৰ সন্থা দুলীয়াজান আঞ্চলিক সাধাৰণ সম্পাদক ৰুপম গগৈয়ে আঁত ধৰা অনুষ্ঠানটিত মেধাৱী ছাত্ৰ-ছাত্ৰীসকলৰ বাবে পঢ়িবলৈ টেবুলৰ লগতে ছাত্ৰ-ছাত্ৰীৰ বাবে কিছু পৰিমানৰ কিতাপ যোগান ধৰে সংগঠনকেইটাই। অনুষ্ঠানত দুলীয়াজান সাহিত্য সভাৰ সভাপতি আতিথ্য গোস্বামী, দুলীয়াজানৰ লেখিকা সন্থাৰ সম্পাদিকা তিলোত্তমা মহন্ত গোস্বামী, ডিব্ৰুগড় জিলাৰ টাই আহোম ছাত্ৰ সন্থা সভাপতি মুনিন গগৈ, জ্যেষ্ঠ সাংবাদিক প্ৰদীপ গগৈকে প্ৰমুখ্যে কৰি মেধাৱী ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱক উপস্থিত থাকে।
মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক ভবিষ্যতে এজন সুনাগৰিক হৈ দুলীয়াজানৰ লগতে অসমলৈ সু-নাম কঢ়িয়াবলৈ আশীৰ্বাদ তথা আহ্বান জনায়। এই অনুষ্ঠানতে আৰ্থিকভাবে পিছপৰা ছাত্ৰ-ছাত্ৰীক সুবিধাৰ্থে স্থানীয় সংগঠনকেইটাই যৌথভাবে কম্পিউটাৰ শিক্ষা প্ৰতিষ্ঠান এখন প্ৰতিষ্ঠা কৰাৰ পোষকতা কৰে।