বৰাকৰ বিধ্বস্ত পথে জ্বলা-কলা খুৱাইছে ৰাইজক

 06/30/2019 - 19:01

শিলচৰঃ বৰাকৰ জোৱাই-বদৰপুৰ ৰাষ্ট্ৰীয় ঘাইপথকে ধৰি শিলচৰ-কালাইন ৰাষ্ট্ৰীয় ঘাইপথটো বিধ্বস্ত হৈ পৰাত যাতায়তৰ বাবে অনুপযোগী হৈ পৰিছে৷ পথটোৰ মাজত প্ৰকাণ্ড প্ৰকাণ্ড পুখুৰীসদৃশ গাঁতৰ সৃষ্টি হৈছে৷ ফলত যান-বাহন চলাচলত যথেষ্ট অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে৷ ৰাইজে ৰাজ্যৰ গড়কাপ্টানি মন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে।

বৰাকৰ ১৫ জন বিধায়কে বিষয়টো লৈ ৰহস্যজনকভাবে নীৰৱতা অৱলম্বন কৰিছে বুলি ৰাইজে অভিযোগ কৰিছে। নবনিৰ্বাচিত বৰাকৰ দুই সাংসদ ৰাজদীপ ৰয় আৰু কৃপানাথ মালাহৰো হস্তক্ষেপ বিচাৰিছে বিভিন্ন দল-সংগঠনকে ধৰি সাধাৰণ ৰাইজে। গড়কাপ্টানি বিভাগক পথছোৱা পুনৰ নিৰ্মাণ কৰিবৰ বাবে ৰাইজে আহ্বান জনাইছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।