বটদ্ৰৱাঃ ১৯৯৮ চনতে বটদ্ৰৱাৰ কেইগৰাকীমান মহানুভৱ ব্যক্তিৰ প্ৰচেষ্টাত প্ৰতিষ্ঠা লাভ কৰা শংকৰদেৱ বিদ্যা নিকেতনৰ ত্ৰি-বাৰ্ষিক সাধাৰণ সভাখন আজি অনুষ্ঠিত হয়। নিকেতনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাখনিৰ আৰম্ভনিতে বন্তি প্ৰজ্বলন কৰে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক ইন্দ্ৰমোহন বৰুৱাই। সমিতিৰ সভাপতি তৰুণ পাঠকৰ সভাপতিত্বত অনুষ্ঠিত সভাখনিৰ উদ্দেশ্য ব্যাখ্যা আৰু সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে সম্পাদক সুনীল বৰুৱাই।
বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰি বটদ্ৰৱা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ভোগেশ্বৰ বৰাই ভাষনত কয় যে বৌদ্ধিক আৰু আধ্যাত্মিকভাবে পূৰ্ণ বিকশিত হৈ দেশ আৰু জাতিক সুসংস্কৃতিবান কৰিবলৈ সমৰ্পিত হোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। নগাঁও সংকুলৰ বিভাগ নিৰীক্ষক পৰান বৰুৱা, বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক ইন্দ্ৰমোহন বৰুৱা, বটদ্ৰৱা সত্ৰ গাঁও পঞ্চায়ৰ সভানেত্রী নমিতা হাজৰিকা বৰা, পৰাগজ্যোতি কলিতাই ভাষন প্ৰদান কৰা অনুষ্ঠানটিত শংকৰদেৱ বিদ্যা নিকেতনৰ পুৰনা সমিতিৰ হৈ সভাপতি তৰুণ পাঠকে পদত্যাগ কৰাৰ পাছত সভাৰ সৰ্বসন্মতি ক্ৰমে শিক্ষাবিদ ভোগেশ্বৰ বৰাক সভাপতি আৰু বেণুধৰ বৰুৱাক হিচাপ পৰীক্ষক হিচাপে লৈ আগন্তুক তিনি বছৰৰ বাবে নতুন সমিতিখন গঠন কৰা হয়।
দিলীপ দেৱগোস্বামী, বিপিন বৰা, জোনমনি ভূঞা, দীপক কৰ, প্ৰাঞ্জল হাজৰিকা, সাংবাদিক দিব্যজ্যোতি বৰুৱা, কন্দৰ্প কুমাৰ কলিতাকে প্ৰমুখ্য কৰি শতাধিক ৰাইজ উপস্থিত থকা অনুষ্ঠানটিৰ পূৰ্বে নিকেতনখনৰ এখনি নবনিৰ্মিত তোৰন উন্মোচন কৰে নিকেতনৰ প্ৰতিষ্ঠাপক কৰ্মচাৰী পদ্ম কান্ত বৰাই।
আনহাতে পুৱাই নিকেতনখনিত উপস্থিত হৈ বটদ্ৰৱা বিধান সভা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই ২০১৬-১৭ বিত্তীয় বৰ্ষৰ আনটাইড ফাণ্ডৰ দ্বাৰা ১০ লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰা দুটি আটকধুনীয়া শ্ৰেণীকোঠাৰ দ্বাৰ মুকলি কৰে। সভাত নিকেতনখনিৰ উন্নয়নৰ বাবে সম্পাদক সুনীল বৰুৱাই গ্ৰহন কৰা পদক্ষেপক বিভিন্নজনে শলাগ লোৱাৰ উপৰি শিক্ষানুষ্ঠানটিৰ উত্তৰণৰ স্বাৰ্থতে সম্পাদক হিচাপে তৃতীয়টো কাৰ্যকালৰ বাবে সুনীল বৰুৱাক ৰখাৰ বাবে সৰ্বসন্মতি ক্ৰমে মত প্ৰকাশ কৰে।