কয়াকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৯ গৰাকী শিক্ষক-কৰ্মচাৰীক বিদায় সম্বৰ্ধনা জ্ঞাপন

 06/30/2019 - 21:28

বৰপেটাঃ বৰপেটা জিলাৰ কয়াকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা যোৱা কেইবামাহে অৱসৰ লোৱা ৯ গৰাকীকৈ শিক্ষক আৰু কৰ্মচাৰীক আজি বিদ্যালয় কৰ্তৃপক্ষই আনুষ্ঠানিকভাৱে বিদায়ী সম্ভাষন জনায়। বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ বদৰ উদ্দিন আহমেদে পৌৰোহিত্য কৰা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে উপাধ্যক্ষ আবুল বাশ্বাৰে আৰু সম্বৰ্ধনা অনুষ্ঠান পৰিচালনা কৰে শিক্ষক আবু বাক্কাৰ ছিদ্দিকে। বিদ্যালয়খনৰ পৰা ভাৰপ্ৰাপ্ত অধ্যক্ষ ছিৰাজ খান, বিজ্ঞানৰ বিষয় শিক্ষক ঘনশ্যাম কাকতি, বিজ্ঞান শিক্ষক ছামছুল হক, শিক্ষয়িত্ৰী আনাৰ কলি বেগম, উচ্চ বৰ্গৰ সহায়ক বিলায়েত হুছেইন, শিক্ষক মহেন্দ্ৰ মোহন খেৰকটাৰী, শিক্ষয়িত্ৰী ৰোহিনী ৱালা নাথ, বিজ্ঞানাগাৰ সহায়ক দেৱান মহল উদ্দিন আৰু চতুৰ্থবৰ্গৰ কৰ্মচাৰী জাকিৰ হুছেইনে অৱসৰ লৈছে।

আজি অনুষ্ঠিত বিদায়ী সম্বৰ্ধনা সভাত তেওঁলোকক গামোচা, শাল চাদৰ, কলম, ছাতি আৰু ধৰ্মীয় গ্ৰন্থৰ টোপোলাৰে বিদায়ী সম্ভাষন জনোৱা হয়। আনহাতে ছাত্ৰ একতা সভাৰ পৰাও শিক্ষক-কৰ্মচাৰীক বিশেষভাৱে বিদায় জনায়। সভাত এছএমডিচিৰ সভাপতি দেৱান নছিম উদ্দিন, শিক্ষক ছাহেদ আলী, ছাত্ৰ একতা সভাৰ সম্পাদক ছাদ্দাম হুছেইন, প্ৰাক্তন ছাত্ৰ তথা কয়াকুছিৰ সমন্বয় সাহিত্য গোষ্ঠীৰ মুখ্য সম্পাদক ছাহেদ আলী আহমেদ, বিষয় শিক্ষক নুৰ হুছেইন, বিজ্ঞানাগাৰ পৰিচালক মনিৰ উদ্দিন আহমেদ, বিজ্ঞান শিক্ষক ছুলতান মামুদ, অৱসৰপ্ৰাপ্ত শিক্ষক তথা ধঁপাত বিৰুধী অভিযানৰ হোতা ছোহৰাব আলীয়ে ছাত্ৰ-ছাত্ৰী আৰু বিদায়ী শিক্ষকসকলক উদ্দেশ্যি বক্তব্য প্ৰদান কৰে।

বিদায়ীসকলৰ পৰা শিক্ষক ছামছুল হক, প্ৰাক্তন অধ্যক্ষ ছিৰাজ খান, বিষয় শিক্ষক ঘনশ্যাম কাকতি, শিক্ষয়িত্ৰী আনাৰকলি বেগম আৰু কাৰ্যালয়ৰ উচ্চ বৰ্গৰ সহায়ক বিলায়েত হুছেইনে জীৱনৰ অভিজ্ঞতাৰে বিদায়ী ভাষন প্ৰদান কৰে। আমছুৰ বৰপেটা জিলাৰ উপসভাপতি মো:তোতা মিঞা, সমাজকৰ্মী বাহাৰ আলী আহমেদ, এছএমডিচিৰ সদস্য-সদস্যা, প্ৰাক্তন ছাত্ৰ গায়ক জাকিৰ হোছেইন আৰু দেৱান ছিদ্দিকু ৰহমান, শিক্ষক-শিক্ষয়িত্ৰী-কৰ্মচাৰীকে আদি কৰি কেবাশতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থকা সভাত কেবাটাও গীত-মাতেৰে সকলোকে আৱেগিক কৰি তুলে। সভাপতি তথা ভাৰপ্ৰাপ্ত অধ্যক্ষ বদৰ উদ্দিন আহমেদৰ বিদায় ভাষনৰ পিছত সকলোলৈ শলাগৰ শৰাই আগবঢ়ায় বিষয় শিক্ষক নুৰ হুছেইনে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।