সাৱধানঃ জাপানী এনচেফেলাইটিছে ৰাজ্যত ধাৰণ কৰিছে মহামাৰীৰ ৰূপ

 07/01/2019 - 12:26

ডিজিটেল ডেস্কঃ সাৱধানে থাকিব ৰাইজ। জাপানী এনচেফেলাইটিছে ৰাজ্যত ধাৰণ কৰিছে মহামাৰীৰ ৰূপ।বিগত দুই সপ্তাহত জাপানীজ এনচেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যু হৈছে ১২জনৰ। ২৪ ঘণ্টাত জাপানীজ এনচেফেলাইটিছত আক্ৰান্ত হৈ দুজনৰ মৃত্যু। বজালীৰ পাছত দৰঙত জাপানীজ এনচেফেলাইটিছত আক্ৰান্ত এগৰাকী ব্যক্তিৰ মৃত্যু।

মৃত ব্যক্তিগৰাকী সমলা গাঁৱৰ কৃষ্ণ চলিহা। ৯দিনে GNRC ত চিকিৎসাধীন হৈ আছিল বৃদ্ধগৰাকী। বজালীৰ বাগনাতো জাপানীজ এনচেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে এগৰাকী ছাত্ৰী। ৰাজ্যৰ ভিন্ন প্ৰান্তত এতিয়াও চিকিৎসাধীন হৈ আছে জাপানীজ এনচেফেলাইটিছত আক্ৰান্ত বহুজন। যোৰহাট মেডিকেল কলেজ হাস্পতালত ৬জনৰ মৃত্যু হোৱাৰ সমান্তৰালকৈ জাপানীজ এনচেফেলাইটিছত আক্ৰান্ত হৈ ডিব্ৰুগড়, নগাঁও, গুৱাহাটী, বাইহাটা, বজালীত আৰু দৰঙত মৃত্যুমুখত পৰিছে এজন ৰোগী।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।