বৰপথাৰত কুকুৰসহ আটক ৫জন কুকুৰ সৰবৰাহকাৰী

 07/01/2019 - 15:27

সৰুপথাৰঃ ৰাজ্যত চলিছে কুকুৰৰ আন্তঃৰাষ্ট্ৰীয় চোৰাং ব্যৱসায়। আৰক্ষী প্ৰশাসনৰ চকুৰ সন্মুখতেই চলাই গৈছে কুকুৰৰ চোৰাং বেহা। শেহতীয়াকৈ এই কথা পোহৰলৈ আহিছে গোলাঘাট জিলাৰ বৰপথাৰত। দেওবাৰে নিশা দেৰগাঁওৰ পৰা ডিমাপুৰলৈ AS-03BC-7211 নম্বৰৰ TATA Ace গাড়ীখনে প্ৰায় ৮০-১০০ টা কুকুৰ কঢি়য়াই নি থকা অৱস্থাত বৰপথাৰৰ চাংপুলত স্থানীয় ৰাইজে আটক কৰাত সমগ্ৰ বিষয়টো পোহৰলৈ আহে। গাড়ীখনে স্থানীয় এজন যুৱকক খুন্দিয়াব খোজাত কথমপি প্ৰাণ ৰক্ষা পৰে যুৱকজনৰ। স্থানীয় ৰাইজে গাড়ীখন কৰায়ত্ত কৰি গাড়ীখনত অহা ৫জন কুকুৰ ব্যৱসায়ীক উত্তম-মধ্যম সোধে। তাৰে চাৰিজন কুকুৰ ব্যৱসায়ী আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে। পাচত বৰপথাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণ কৰাৰ লগতে কুকুৰসহ গাড়ীখন আৰু দেৱ নাৰায়ণ নামৰ কুকুৰৰ চোৰাং ব্যৱসায়ীজনক আটক কৰি থানালৈ নিয়ে।

ইফালে আৰক্ষী প্ৰশাসনৰ চকুৰ সন্মুখতেই এনেদৰে প্ৰতিদিনেই জিলাখনৰপৰা চুবুৰীয়া ৰাজ্য নাগালেণ্ডলৈ অবৈধভাৱে কুকুৰৰ চোৰাং ব্যৱসায় চলোৱা কাৰ্যত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ। ৰাইজৰ অভিযোগ- দেৰগাঁও, ঢেকিয়াল, গোলাঘাট সদৰ থানা, জামুগুৰি আৰক্ষী থানা, বৰপথাৰ আৰক্ষী থানাৰ লগত ধনৰ বিনিময়ত গোপন বুজা-বুজি কৰি এই আৰক্ষী থানাসমূহৰ সন্মুখেৰে পাৰ কৰি কুকুৰৰ চোৰাং ব্যৱসায়ীয়ে ৰাজ্যত গঢ়ি তুলিছে কুকুৰৰ আন্তঃৰাষ্ট্ৰীয় বেহা। য’ত আৰক্ষীৰ আৰু চোৰাং ব্যৱসায়ীৰ সৈতে বৃহৎ অংকৰ ধনৰ লেনদেন হয় বুলি স্থানীয় ৰাইজে সাংবাদিকক জানিবলৈ দিয়ে।

গোলাঘাট আৰক্ষী প্ৰশাসনৰ পূৰ্ণ সহযোগত এই ব্যৱসায় চলাই গৈছে দেৰগাঁওৰ লম্বু নামৰ এজন ব্যক্তিয়ে। কোন এই লম্বু? আৰক্ষীৰ জালত পৰিবনে কুকুৰ ব্যৱসায়ী লম্বু? ৰাইজৰ মাজত এতিয়া হাজাৰ টা প্ৰশ্ন ???

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।