দৰঙত জাপানীজ এনচেফেলাইটিছত আক্ৰান্ত হৈ অসম চৰকাৰৰ ৰেচম বিভাগৰ অৱসৰপ্ৰাপ্ত পৰিচালকৰ মৃত্যু

 07/01/2019 - 16:27

মঙলদৈঃ ৰাজ্যত ভয়াৱহ ৰূপ ধাৰণ কৰিছে জাপানী এনকেফেলাইটিছ ৰোগে। দৰঙত জাপানীজ এনচেফেলাইটিছত আক্ৰান্ত হৈ কৃষ্ণকান্ত চলিহা নামৰ এগৰাকী ৭৫ বছৰীয়া ব্যক্তিৰ মৃত্যু হৈছে। এই ৰোগত আক্ৰান্ত হৈ জি.এন.আৰ.চি হস্পিটেলৰ আই চি ইউ ত ৯ দিন মৃত্যুৰ স'তে যুঁজি কালি দিনৰ প্ৰায় এক বাজি পোন্ধৰ মিনিটত নিয়তিৰ ওচৰত হাৰ মানি কৃষ্ণকান্ত চলিহা পৰলোকগামী হয়।

মৃত চলিহা মঙলদৈৰ দেওমৰনৈৰ সমলা গাঁও নিৱাসী, অসম চৰকাৰৰ ৰেচম বিভাগৰ পৰিচালক হিচাপে অৱসৰ গ্ৰহণ কৰা উক্ত অঞ্চলটোৰ বিভিন্ন সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত থকাৰ উপৰিও ভূড়াৰগড় গান্ধী স্মৃতি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰতিষ্ঠাপক শিক্ষক হিচাপেও কৰ্মৰত আছিল। কৃষ্ণকান্ত চলিহাৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।