মঙলদৈঃ মঙলদৈৰ এগৰাকী শিল্পীৰ কৰুণ কাহিনী। এসময়ত মানুহে আগুৰি ধৰি চাইছিল তেওঁৰ সংগীত আৰু অভিনয়। কিন্তু এতিয়া এটা জোৰা টাপলি মৰা কোঠাৰ এখন বিচনাই সংগী শিল্পীগৰাকীৰ। ওৰেটো জীৱন শিল্প সাধনাত ব্যস্ত থকা শিল্পীজনৰ বাবে দিন আৰু ৰাতি সকলো এতিয়া একাকাৰ। শিল্পীগৰাকী হৈছে মঙ্গলদৈ চেনিয়ালপাৰাৰ প্ৰসিদ্ধ ব্যাস সংগীত শিল্পী উপেন্দ্ৰ কলিতা। ১৯৫৬ চনৰ পৰাই জড়িত হৈ পৰিছিল ব্যাস সংগীতৰ লগত। অসমৰ বহু কেইগৰাকী বাঘা বাঘা পণ্ডিতৰ সন্মুখত ৰাগ গাই প্রশংসা বুটলিবলৈ সক্ষম হোৱা উপেন্দ্ৰ কলিতাই এতিয়া অকলশৰে শুই বহি চকুলো নিগৰাই সোঁৱৰে অতীত স্মৃতি। আজিৰ পৰা তিনি বছৰ পূৰ্বে চকুৰ চানি পৰা ৰোগৰ অস্ত্ৰোপচাৰ কৰি হেৰুৱাইছিল দৃষ্টি শক্তি।
মঙ্গলদৈ অসামৰিক চিকিৎসালয়ৰ চকু চিকিৎসক ডাক্তৰ ননীগোপাল চহৰীয়াই এই দাৰিদ্ৰ শিল্পী গৰাকীৰপৰা অস্ত্ৰোপচাৰ বাবদ লৈছিল ১৪০০ টকা উৎকোচ। সেই টকা চিকিৎসকজনক ঘৰত আগতীয়াকৈও দি আহিবলগীয়া হৈছিল শিল্পী কলিতাই। চকুৰ অস্ত্ৰোপচাৰ পিছত শিল্পীগৰাকীৰ অকল চকু দুটাই বন্ধ হৈ পৰিছিল এনে নহয়, বন্ধ হৈ পৰিছিল শিল্প সাধনাৰ লগতে উপাৰ্জনৰ পথ। কোঠাৰ ভিতৰতেই অকলে অকলে এতিয়াও গুণগুণাই থাকে উপেন্দ্ৰ কলিতাই। শান্ত প্ৰকৃতিৰ মৰমিয়াল উপেন্দ্ৰ কলিতাৰ ওচৰত প্ৰায় উপস্থিত হয় লগ সমনীয়াসকল। এতিয়া সমনীয়াৰ লগত সুখ দুখৰ কথা পতাৰ বাহিৰে আন কাম নাই শিল্পী গৰাকীৰ।
পুত্ৰই ৰঙৰ কাম কৰি আৰু কন্যাই তাত বৈ দুই এপৈচা উলিয়াই চলাই নিছে সংসাৰ। এনেদৰেই শিল্পী গৰাকীয়ৰ চলিছে সংসাৰ। শিল্পী উপেন্দ্ৰ কলিতাই অকল ব্যাস সংগীতৰ চৰ্চা কৰাই নহয় দৰঙী খুলীয়া ভাউৰীয়াৰ লগতো জড়িত আছিল৷ ভাউৰীয়াত সূত্ৰধাৰ হোৱাৰ উপৰিও কেতিয়াবা কেতিয়াবা কৰিছিল চৰিত্ৰ অভিনয়। সুন্দৰ কণ্ঠৰে পুথি পাঠ কৰি কলিতাই মোহিত কৰিছিল ৰাইজক। দৰঙৰ চাৰিটাকৈ দলক ব্যাস ওজাৰ প্ৰশিক্ষণ দি বৰঙণি যোগাইছিল সাংস্কৃতিক ক্ষেত্ৰ খনলৈ। চৰকাৰৰ ফালৰ পৰা এককালীন সাহায্য দুবাৰকৈ পাবলৈ সক্ষম হোৱা শিল্পী উপেন্দ্ৰ কলিতাই পাবলৈ সক্ষম হোৱা নাই এতিয়াও শিল্পী পেঞ্চন। কিছুদিন পূৰ্বে ডঃ পৰমানন্দ ৰাজবংশী শিল্পীগৰাকীৰ ঘৰত উপস্থিত হৈ জনাইছিল সম্বৰ্ধনা৷ লগতে শিল্পী পেঞ্চনৰ বাবে কাম কৰি দিয়াৰো জনাইছিল আশ্বাস। আমিও বিচাৰো দৰিদ্ৰ শিল্পীগৰাকীয়ে লাভ কৰক শিল্পী পেঞ্চন৷ চকু মেল খাওক চৰকাৰৰ৷