কলিয়াবৰত মানসিক বিকাৰগ্ৰস্ত যুৱতীক উদ্ধাৰ

 07/01/2019 - 20:48

কলিয়াবৰঃ কলিয়াবৰত কিছুদিনৰ পৰা অনাই-বনাই ঘুৰি ফুৰা এগৰাকী মানসিক বিকাৰগ্ৰস্ত যুৱতীক কলিয়াবৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া খৰ্গেশ্বৰ বৰদলৈৰ নেতৃত্বত আজি কলিয়াবৰ তিনিআলিৰ পৰা উদ্ধাৰ কৰি নগাঁও জিলা ন‍্যায় সেৱা প্ৰাধিকাৰীক অৱগত কৰে। খবৰ পোৱা মাত্ৰকে নগাঁও জিলা ন‍্যায় সেৱা প্ৰাধিকাৰীক ৰূপালী গোস্বামী, অধিবক্তা শ্বেহনাজ চুলতানা উপস্থিত হৈ কলিয়াবৰ আৰক্ষীয়ে উদ্ধাৰ কৰা মল্লিকা নামৰ মানসিক বিকাৰগ্ৰস্ত প্ৰায় ২০ বছৰীয়া মহিলাগৰাকীক চমজি লৈ নগাঁৱলৈ বুলি লৈ যায়।

অৱশ্যে নগাঁৱৰ মুখ‍্য ন‍্যায়িক দণ্ডাধীশৰ আদেশ মৰ্মে নগাঁও ভোগেশ্বৰী ফুকননী চিকিৎসালয়ৰ মনোৰোগ চিকিৎসা শাখাত মল্লিকাৰ যাৱতীয় চিকিৎসাৰ লগতে চিকিৎসাৰ অন্তত পুনৰ সংস্থাপনৰ দিহা কৰিব বুলি জিলা ন‍্যায় সেৱা প্ৰাধিকাৰীৰ প্ৰতিনিধি অধিবক্তা ৰূপালী গোস্বামীয়ে সাংবাদিকৰ আগত উল্লেখ কৰে। আনহাতে নগাঁও জিলাৰ প্ৰশাসনিক বিষয়া তথা জিলা ন‍্যায় সেৱা প্ৰাধিকাৰীৰ সম্পাদিকা প্ৰণিতা মৰাঙৰ প্ৰত‍্যক্ষ উদ‍্যোগত সমাজৰ বিভিন্ন শ্ৰেণীৰ অৱহেলিত লোকৰ বাবে বিভিন্ন গুৰুত্বপূৰ্ত পদক্ষেপ হাতত লৈছে বুলি ৰূপালী গোস্বামীয়ে আমাক জানিবলৈ দিয়ে।

ইয়াৰ ভিতৰত মানসিক বিকাৰগ্ৰস্ত ৰোগীৰ বাবে 'অনুভূতি', শিশু কল‍্যাণৰ বাবে, 'ৰঙীন সপোন', জ‍্যেষ্ঠ নাগৰিকৰ বাবে 'স্নেহ বন্ধন' আৰু এচিড আক্ৰমণৰ বলিহোৱাৰ বাবে 'পোহৰ' আদি কাৰ্যসূচীৰ জৰিয়তে সমাজৰ বিভিন্ন শ্ৰেণী লোকৰ সেৱা আগবঢ়াই আহিছে। লগতে এনেধৰণৰ বিভিন্ন সমস‍্যাৰ নিবাৰণৰ বাবে ৰাইজৰ প্ৰত‍্যক্ষ সহায়-সহযোগৰ অতিকে প্ৰয়োজন বুলি অধিবক্তা গোস্বামীয়ে নিজৰ মতামত আগবঢ়ায় সকলোৰে সহায় সহযোগিতা কামনা কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।