07/02/2019 - 13:16
in
বেবেজীয়াঃ ২০১৬ চনত জন্ম লাভ কৰা নগাঁৱৰ এক অগ্রণী সামাজিক-সাংস্কৃতিক অনুষ্ঠান 'হেঁপাহ'ৰ উদ্যোগত তথা অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনস্থ বৰদোৱা সাংস্কৃতিক কেন্দ্রৰ সহযোগত বিগত বৰ্ষসমূহৰ দৰে এইবৰ্ষতো লোকনৃত্যক বিষয় হিচাপে লৈ অহা ৬ৰ পৰা ১৫ জুলাইলৈ এখনি গ্রীষ্মকালীন কর্মশালা অনুষ্ঠিত হ’ব।
কুজীডাঁহ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্রেক্ষাগৃহত হ’ব লগা দহদিনীয়া এই কর্মশালাৰ বাবে ইতিমধ্যে প্র-পত্র নির্ধাৰিত স্থানসমূহত বিতৰণ কৰি থকা হৈছে। ইচ্ছুকসকলে দিলীপ ষ্টোৰ (কুজীডাঁহ), সাৰথি বুক ষ্টল (জাজৰি) আৰু পাটকাই বুকছ্ (জামুগুৰি)ৰ পৰা প্র-পত্রসমূহ সংগ্রহ কৰিব পাৰিব। প্র-পত্র জমা দিয়াৰ অন্তিম তাৰিখ ৪ জুলাই।
তদুপৰি কর্মশালা বিষয়ক যিকোনো তথ্যৰ বাবে ৮৬৩৮৭১৩০৮৪,৮৮৭৬২০৩৬৫৮, ৮৬৩৮২৯৮৩৫৯ নম্বৰত যোগাযোগ কৰিব পাৰিব।