07/02/2019 - 13:23
in
গহপুৰঃ শালি খেতিৰ আৰম্ভণিতে গহপুৰৰ কৃষকৰ মাজত উদ্ভৱ হৈছে হাহাকাৰ পৰিস্থিতিৰ। ভূঁই ৰোৱাৰ পূৰ্বেই বহু কৃষকৰ কঠিয়াতলিত চহৰা পোকৰ আক্ৰমণ। লহ পহকৈ বাঢ়ি অহা কঠিয়া এফালৰ পৰা খাই তহিলং কৰিছে চৰহা পোকে। অতি কষ্টৰে পৰা কঠিয়াত চৰহা পোকে আক্ৰমণ কৰাৰ ফলত গহপুৰৰ বালিজান, বিলতীয়া, গুৱাধাৰা আদি গাঁৱত এতিয়া কৃষক ৰাইজৰ পানীত হাঁহ নচৰা অৱস্থা হৈ পৰিছে।
ভূঁই ৰুবলৈ হোৱাৰ সময়তে চহৰা পোকে কঠিয়াসমূহ খাই তহিলং কৰাৰ কাৰ্যই এতিয়া দিশহাৰা কৰিছে কৃষকসকলক। ৰোৱা অথবা ধানত পোক লগা ঘটনা নতুন নহয় যদিও কঠিয়াত পোক লগা ঘটনা এইবাৰহে প্ৰথম দেখিবলৈ পোৱা বুলি কৃষকসকলে কৃষি বিভাগক শীঘ্ৰে পদক্ষেপ গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে।