সীমান্তৰ দীৰ্ঘদিনীয়া সমস্যা সন্দৰ্ভত ধুবুৰীত ভাৰত-বাংলাদেশৰ বৈঠক

 07/02/2019 - 13:33

ধুবুৰী: ধুবুৰী, মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তৰ দীৰ্ঘদিনীয়া বিভিন্ন সমস্যা সন্দৰ্ভত আলোচনাৰ বাবে সোমবাৰে ধুবুৰী জিলা উপায়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত হয় এখন গুৰুত্বপূৰ্ণ বৈঠক৷ এই বৈঠকত বিশেষকৈ ধুবুৰী, দঃ শালমাৰা-মানকাচৰ আৰু বাংলাদেশৰ সীমান্তৱৰ্তী জিলা কুৰিগ্ৰাম প্ৰশাসনৰ মাজত সীমান্তৰ বিভিন্ন চোৰাং কাৰোবাৰ ৰোধৰ লগতে বিভিন্ন সমস্যাৰ বিষয়ে আলোচনা হয়৷

বৈঠকত বাংলাদেশৰ হৈ বিশেষভাবে উপস্থিত থাকে বাংলাদেশৰ কুৰিগ্ৰাম জিলাৰ উপায়ুক্ত চুলতানা পাৰভীন, জিলা আৰক্ষী অধীক্ষক আৰু বাংলাদেশ সীমান্ত গাৰ্ডৰ উচ্চপদস্থ বিষয়াৰ এটি দল। ভাৰতৰ ফালৰ পৰা বৈঠকত উপস্থিত থাকে ধুবুৰী আৰু মানকাচৰ জিলা উপায়ুক্তৰ লগতে কেইবাজনো অতিৰিক্ত উপায়ুক্ত, জিলা আৰক্ষী অধীক্ষকৰ লগতে সীমান্ত সুৰক্ষা বাহিনীৰ উচ্চ পদস্থ বিষয়াসকল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।