লখিমপুৰঃ ঠিকাদাৰ পক্ষৰ লগত গোপনে বুজাবুজি জলসম্পদ বিভাগৰ বিষয়া কৰ্মচাৰীৰ। লখিমপুৰ জিলাৰ বগীনদী উন্নয়ন খণ্ডৰ অন্তৰ্গত বগীনদী পঞ্চায়তৰ হেকেৰাজান ভীমপৰাত নাৰ্বাডৰ ৭.২৭কোটি টকাৰ অনুদানেৰে নিৰ্মাণ কৰা সোৱণশিৰি নদীৰ খহনীয়া প্ৰতিৰোধৰ জিঅ’ বেগৰ কামত ব্যাপক দুৰ্নীতি হোৱাত এজাক বৰষুণতে বৰষুণৰ পানীয়ে উটুৱাই নিয়ে জিঅ’ বেগ আৰু বৃহৎ গড়া খহনীয়া হয় আৰু ঠায়ে ঠায়ে জিঅ’ বেগসমূহ সোৱণশিৰি বাঢ়নি পানীয়ে উটুৱাই নিয়ে। ঠিকাদাৰে গ্ৰিভেন বক্স নবঢ়োৱাই নিম্নমানেৰে কাম কৰাৰ বাবেই জিঅ’ বেগসমূহ পানীয়ে উটুৱাই নিছে বুলি ৰাইজে অভিযোগ কৰিছে।
হেকেৰাজান পথাৰৰ পৰা ভীমপৰা তিনি আলিলৈকে ১৪০০ মিটাৰ দৈৰ্ঘ্যৰ খহনীয়া প্ৰতিৰোধৰ জিঅ’ বেগৰ কাম আঠজন ঠিকাদাৰে কৰিছিল। ইয়াৰে দুজনৰ বাহিৰে অন্য চাৰিজনৰ কাম নিম্নমানৰ হৈছে বুলি ৰাইজৰ অভিযোগ। এই বিষয়ত বান্ধটো নিৰ্মাণত তদাৰক কৰা জিলাৰ জলসম্পদ বিভাগৰ বিষয়া গৰাকীক সাংবাদিকে প্ৰশ্ন কৰাত টুলুঙা আৰু দায়সৰা মন্তব্য দিয়ে। জলসম্পদ বিভাগৰ বিষয়া কৰ্মচাৰী গোপনে ঠিকাদাৰ পক্ষৰ লগত বুজাবুজিৰ বাবেই ৰাইজৰ জীৱন সম্পত্তিক লৈ হেতালি খেলা বুলি গুৰুতৰ অভিযোগ উঠিছে।