কাকপথাৰত এখন উন্নত মানদণ্ডৰ বিদ্যালয় হোৱাৰ পাছতো কানসাৰ নাই শিক্ষা বিভাগৰ

 07/02/2019 - 21:29

কাকপথাৰঃ ১৯৭৭ চনতে স্থাপিত হোৱা এখন উন্নত মানদণ্ডৰ আটকধুনীয়া বিদ্যালয়৷ কাকপথাৰ শিক্ষা খণ্ডৰ অধীনৰ দিহিং দহোতীয়া মধ্য ইংৰাজী বিদ্যালয়৷ এশ এবুৰি সমস্যাৰে আবৰি আছে এইখন বিদ্যালয়৷ ছাত্ৰ-ছাত্ৰীৰ অনুপাতে পৰ্যাপ্ত শিক্ষক তথা আন্ত:গাঠনিৰ অভাৱৰ স্বত্বেও সকলো দিশতে জিলিকি উঠিছে অতি পিছপৰা আৰু ভিতৰুৱা অঞ্চলৰ এইখন বিদ্যালয়৷ ২০১৭ আৰু ২০১৮ বৰ্ষৰ গুণোৎসৱত এ+ পাবলৈ সক্ষম হোৱা এইখন বিদ্যালয়ত ৯২ গৰাকী ছাত্ৰ ছাত্ৰীৰ বিপৰীতে শিক্ষক আছে মাত্ৰ দুজন৷ ইয়াৰে এজন প্ৰধান শিক্ষক আৰু আনজন ঠিকাভিত্তিক বিজ্ঞান শিক্ষক৷ তৎস্বত্বেও নানান অসুবিধা নানান বাধাকো নেওচি মাত্ৰ দুজন শিক্ষকে শিক্ষাদান কৰাৰ ওপৰিও শিক্ষাৰ মানদণ্ড, চৰকাৰী গুণোৎসৱ, খেলা-ধুলাৰ ফলাফলৰ লগতে বিদ্যালয়ৰ চৌদিশে ফুলৰ বাগিচা, জিৰণী ঘৰৰ লগতে গছ গছনিৰ সৌন্দৰ্য্যৰে সামগ্ৰীক পৰিবেশ জিলিকাই ৰাখিছে৷

ক্ৰীড়া ক্ষেত্ৰতো বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে ৰাষ্ট্ৰীয় তথা ৰাজ্যিক পৰ্যায়ত সোণৰ পদককে ধৰি বহু কেইটা পদক লাভেৰে সন্মান কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷ তাৰোপৰি ৰাজ্যিক যোগাসনটো সুক্ষ্যাতি অৰ্জন কৰিছে এইখন বিদ্যালয়ে৷ বিদ্যালয় খনৰ প্ৰধান শিক্ষক গৰাকী কাৰ্যালয়ৰ বহুতো কামত ব্যস্ত থকাৰ মাজতো বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীক পাঠদানৰ পৰা বিৰত থকা নাই৷ লগতে ঠিকাভিত্তিক শিক্ষকগৰাকীয়েও বহুত কষ্টৰে বিদ্যালয়খনত পাঠদান কৰি আহিছে৷ ১৯৭৭ চনত বিদ্যালয়খন স্থাপন হওঁতেই নিৰ্মাণ কৰা বিদ্যালয়গৃহটো বৰ্তমান জৰাজীৰ্ণ হৈ পৰাত যিকোনো সময়তে ভয়ংকৰ দূৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা কৰিছে বিদ্যালয়ৰ শিক্ষক, পৰিচালনা সমিতি আৰু স্থানীয় ৰাইজে৷ বিদ্যালয়খনৰ শিক্ষকৰ সমস্যাৰ লগতে আন্ত:গাঠনিৰ সমস্যা সমূহৰ সমাধানৰ দাবীত বিত্ত মন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মা, বিধায়ক বলিন চেতিয়া, জিলা শিক্ষা বিষয়াকে ধৰি বহুজনক আবেদন নিবেদন কৰি আহিছে যদিও কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ আহিছে৷ গতিকে সময় থাকোতেই বিদ্যালয়খনৰ সমস্যাসমূহ সমাধান কৰি অতিকৈ পিছপৰা অঞ্চলটোৰ শিক্ষাৰ্থীসকলক শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাত সহায় কৰিবলৈ আহ্বান জনাইছে বিদ্যালয়ৰ শিক্ষক , পৰিচালনা সমিতি তথা স্থানীয় ৰাইজে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।