নায়েৰ আলগা আঞ্চলিক পঞ্চায়তত হাট ঘাট নিবিদাত ব্যাপক দুৰ্নীতিঃ আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰীৰ বিৰুদ্ধে গোচৰ তৰাৰ নিৰ্দেশ উপয়ুক্তৰ

 07/02/2019 - 21:36

বিলাসীপাৰাঃ ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগৰ দুৰ্নীতি যেন কুলাই পাচিয়ে নধৰা হৈছে ।ইফালে এম জি এন ৰেগা আচনিত দুৰ্নীতিৰ পাহাৰ, আনফালে হাট ঘাট নিবিদাৰ নামত ব্যাপক জালিয়াতি কাণ্ড সংঘটিত হৈছে বিভাগটোত। ধুবুৰী জিলাৰ নায়েৰ আলগা আঞ্চলিক পঞ্চায়তত হাট ঘাট আৰু এম জি এন ৰেগা আচনিত সংঘটিত শেহতীয়া দুৰ্নীতিৰ তথ্যই বিভাগটোৰ আচল ৰূপ ওলাই পৰিছে। প্ৰাপ্ত তথ্য মতে নায়েৰ আলগা আঞ্চলিক পঞ্চায়তৰ অন্তৰ্গত হাট ঘাট নিবিদাৰ বাবে যোৱা ৩১মেৰ পৰা ১৬জুন লৈকে নিবিদা আহবান কৰিছিল। কিন্তু নিবিদাৰ নামত আঞ্চলিক পঞ্চায়ত সভানেত্ৰী হাছিনা খাতুনে চৰম নৈৰাজ্য চলোৱাৰ অভিযোগ উঠিছে। চৰকাৰী নিয়ম মতে নিবিদাৰ বাকচটো কাৰ্য্যবাহী বিষয়া নাইবা কাৰ্য্যবাহী দণ্ডাধীশে খুলিব লাগে। ইয়াৰ উপৰিও নিবিদাৰ বাকচ কাৰ্য্যলয়ৰ মালগৃহত ৰখাৰ নিয়ম।

কিন্তু আঞ্চলিক পঞ্চায়ত সভানেত্ৰী হাছিনা খাতুনে চৰকাৰী নীতি নিয়মক বুঢ়া আঙুলি দেখুৱাই নিজে হৰ্তাকৰ্তাৰ ভূমিকা গ্ৰহণ কৰিছে। কেৱল ইমানেই নহয় নায়েৰ আলগা আঞ্চলিক পঞ্চায়ত সভানেত্ৰী হাছিনা খাতুনে নিজৰ দায়িত্ব আৰু কৰ্তব্য স্বামীৰ ওপৰত ন্যস্ত কৰিছে। প্ৰাপ্ত অভিযোগ মতে সভানেত্ৰী হাছিনা খাতুনৰ স্বামী মছলেম উদ্দিনে নিজেই আঞ্চলিক পঞ্চায়তৰ স্বয়ম্ভু সভাপতিৰ ৰূপত অবতীৰ্ণ হৈ চৰম জালিয়াতিৰে হাট ঘাট আবন্টনৰ যোজা চলাইছে। অভিযোগ উত্থাপন হোৱা মতে নিবিদাৰ বাকচ সভানেত্ৰীৰ স্বামীৰ কব্জাত ৰাখি দুৰ্নীতিৰ বজাৰ স্থাপন কৰিছে। আঞ্চলিক পঞ্চায়তত সভানেত্ৰীয়ে সংঘটিত কৰা এনে দুৰ্নীতিৰ বিৰুদ্ধে হস্তক্ষেপ কৰাৰ বাবে কেইবাগৰাকী আঞ্চলিক পঞ্চায়ত সদস্য সদস্যাই বিলাসীপাৰা পুব বিধানসভাৰ সমষ্টিৰ বিধায়ক অশোক কুমাৰ সিংহীৰ দৃষ্টি আকৰ্ষণ কৰে।

ফলত বিধায়ক সিংহীয়ে ততালিকে বিষয়টো জিলা উপয়ুক্তক লিখিত বাবে অৱগত কৰাৰ উপৰিও নতুন কৈ নিবিদা গ্ৰহণৰ দাবী উত্থাপন কৰিছে। ইফালে বিধায়ক সিংহীৰ হস্তক্ষেপত জিলা উপয়ুক্তই বিষয়টো দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰাৰ লগতে নায়েৰ আলগা আঞ্চলিক পঞ্চায়তৰ কাৰ্য্যবাহী বিষয়াক কাৰ্য্যলায়ত মাতি আনি দুৰ্নীতিৰ নায়িকা তথা আঞ্চলিক পঞ্চায়ত সভানেত্ৰী হাছিনা খাতুনৰ বিৰুদ্ধে গোচৰ দিবলৈ কঠোৰ নিৰ্দেশ দিয়া বুলি গোপন সুত্ৰত প্ৰকাশ। উল্লেখ্য যোগ্য যে,হাছিনা খাতুনে আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী নিৰ্বাচিত হোৱাৰ পিছৰ পৰাই নায়েৰ আলগা উন্নয়ন খণ্ডত সভানেত্ৰীৰ স্বামী মছলেম উদ্দিনে চলাই আহিছে বীৰত্ব। যেন কাৰ্য্যলয়টো সভানেত্ৰী হাছিনা খাতুনৰ স্বামীৰ আন এক পৈতৃক সম্পত্তি। মনকৰিবলগীয়া যে,আঞ্চলিক পঞ্চায়ত সভানেত্ৰীৰ স্বামী তথা স্বয়ম্ভূ সভাপতি মছলেম উদ্দিনৰ ঠিকাদাৰী কামত ব্যাপক দুৰ্নীতিৰ কাহিনী সৰ্বজনবিদিত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।