নাগিনীজান চাহ বাগিছাত বিনামূলীয়া পাঠদান শিবিৰ

 07/03/2019 - 12:58

মৰিয়নী: ৰাজ্যত বৰ্তমান গৰমৰ বন্ধ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন বিদ্যালয়ৰ অনুষ্ঠান-প্ৰতিষ্ঠানসমূহে আয়োজন কৰিছে বিভিন্ন কৰ্মশালা, কলা প্ৰদশৰ্নৰ অনুষ্ঠান, পাঠদান শিবিৰ৷ সমান্তৰালভাৱে পিছপৰি ৰোৱা নাই মৰিয়নীৰ এখন পিছপৰা চাহ বাগিছা নাগিনীজান চাহ বাগিছা৷

১ জুলাই সোমবাৰৰ পৰা সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ (আছা)ৰ নাগিনীজান প্ৰাথমিক গোট আৰু নাগিনীজান যুৱশক্তিৰ উদ্যোগৰ তৰফৰ পৰা বাগিচাৰ লগতে কাষৰীয়া অঞ্চলসমূহৰ অষ্টম, নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া পাঠদান শিবিৰৰ আয়োজন কৰিছে৷

এই বিশেষ বিনামূলীয়া পাঠদান শিবিৰ ১ জুলাইৰ পৰা ৩০ জুলাইলৈকে হ’ব৷ এই শিবিৰত প্ৰায় ৭০ জন ছাত্ৰ-ছাত্ৰী শিক্ষাদান কৰিব স্থানীয় শিক্ষকসকলে আৰু বাগিচাখনৰ শিক্ষিত যুৱক-যুৱতীসকলে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।