ৰাইজে জব্দ কৰা চোৰাং চাউলসহ ভূটভূটী এৰি দিয়াৰ অভিযোগ

 07/03/2019 - 13:45

নগৰবেৰাঃ ৰাইজে জব্দ কৰি দিয়া চোৰাং চাউলসহ ভূটভূটী এৰি দিয়াৰ অভিযোগ উঠিছে নগৰবেৰা আৰক্ষীৰ বিৰুদ্ধে। অভিযোগ অনুসৰি চোৰাং ব্যৱসায়ীৰে গোপন বুজাবুজিত এৰি দিলে নৌকা সহ ১২০ বেগ চোৰাং চাউল।

উল্লেখ্য যে মঙলবাৰৰ নিশা নগৰবেৰাত ৰাইজে জব্দ কৰিছিল নৌকাসহ ২০০ বেগ খাদ্য সুৰক্ষাৰ চাউল। আৰক্ষী বিষয়া বিষ্ণু বসুমতাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৰাইজে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।