তিতাবৰঃ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে আৰৱী জিলকদ মাহৰ পৰা আৰম্ভ হৈছে পৱিত্ৰ হজ যাত্ৰা। মানৱ জীৱন সাৰ্থক আৰু পাপৰ পৰা মুক্তি, পুণ্য লাভৰ বাবে অন্যান্য বছৰৰ দৰে প্ৰতি বছৰৰ দৰে এইবাৰো তিতাবৰৰ পৰা কেইবাজনো লোকে হজ কৰাৰ উদ্দেশ্যে যাত্ৰা কৰিছে আৰৱৰ মক্কা শ্বৰিফলৈ। ২০১৯ বৰ্ষৰ পবিত্ৰ হজ যাত্ৰালৈ যোৱা তিতাবৰৰ আঠগৰাকী হজযাত্ৰীলৈ অভিনন্দন জ্ঞাপন কৰে লাচিত সেনা অসম নামৰ সংগঠনৰ নেতৃত্বই।
আনহাতে তিতাবৰৰ পৰা যোৱা ৰফিউল হুছেইন, জাহানাৰা বেগম, আনুৱাৰা খাতুন, নেকিবুৰ ইছলাম, ৰহমত আলী, চফিকুল ৰহমান, মৌলানা আবুল কাঁচিম, চফীক আহমেদ নামৰ হজযাত্ৰীক লাচিত সেনা অসম তিতাবৰ আঞ্চলিক সমিতিৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰা হয়।
পবিত্ৰ মক্কা শ্বৰীফত হজৰ কাম সমাপ্ত কৰি বিশ্ব শান্তি আৰু ভাতৃত্ববোধৰ লগতে সাতামপুৰুষীয়া একতাৰ এনাজৰীডাল অটুট ৰাখিবলৈ আল্লাহৰ ওচৰত দোৱা কৰিবলৈ আহ্বান জনায় লাচিত সেনাৰ নেতা-কৰ্মীসকলে। হজ যাত্ৰীসকলৰ সু-স্বাস্থ্যৰ কামনা আৰু সুকলমে আৰৱৰ পবিত্ৰ মক্কা শ্বৰিফলৈ গৈ আল্লাহৰ ওচৰত দোৱা কৰি স্ব-গৃহলৈ ঘূৰি আহিবৰ বাবে আল্লাহৰ ওচৰত দোৱা কৰে।