দলগাঁওঃ দলগাঁৱত সোণৰ কণী দিয়া হাঁহত পৰিণত হৈছে এমজি এনৰেগাৰ আঁচনি। দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীলতাৰ শ্লোগান দিয়া সোণোৱাল চৰকাৰৰ আমোলত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত এমজি এনৰেগাৰ কামত সংঘটিত হৈছে বিয়াগোম কেলেংকাৰী। সততে কমিছনৰাজৰ অভিযোগ উত্থাপন হোৱা গ্ৰামোন্নয়ন বিভাগত খোদ ভুক্তভোগীয়ে উদঙাইছে কমিছনৰাজৰ ভয়াবহ ছবি।
দৰং জিলাৰ দলগাঁও-শিয়ালমাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত "জঙ্গলপাৰা জুনিয়ৰ কলেজৰ পৰা ছাইৰুদ্দিন মাষ্টৰ"ৰ ঘৰলৈ যোৱা পথছোৱা নিৰ্মাণৰ নামত মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনি চমুকৈ এমজি এনৰেগাৰ অধিনত ২০১৫-২০১৬ বৰ্ষত বিভাগীয় কৰ্তৃপক্ষই ১৩ লাখ একাশী হাজাৰ টকা আবণ্টন দিয়ে যদিও নামমাত্ৰ কাম কৰি আঁচনিৰ ধন আত্মসাতৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে।
অভিযোগ মতে উক্ত পথটোৰ কামৰ বাবে দলগাঁও-শিয়ালমাৰী আঞ্চলিক পঞ্চায়তৰ তদানীন্তন সভানেত্ৰীৰ স্বামীয়ে প্ৰায় ২০/২২ জনীয়া সমিতি বনাই দিয়ে আৰু পিডি অফিচৰ শীৰ্ষ বিষয়াক দহ শতাংশ আগধন দি কামৰ অনুমোদন নিবলৈ প্ৰায় এক লাখ ষাঠি হাজাৰ টকা আদায় লয়।
ইফালে ওচৰত মাটিৰ অভাবৰ অজুহাত দেখুৱাই স্থানীয় সমিতিক জবকার্ড শ্ৰমিকৰ পৰিৱৰ্তে ব্লকৰ কনিষ্ঠ অভিযন্তা মহিবুল হক, জিআৰএছ আজমত আৰু লহকৰ উপাধিৰ এজন বিষয়াই মিলি ট্ৰেক্টৰ ব্যৱহাৰ কৰিবলৈ কোৱাত তিনিশ/চাৰিশ মিটাৰ ঠাইত নামমাত্ৰ বালি চটিয়াই ট্ৰেক্টৰ দি হাল মাৰি আঁচনিৰ ধন সৰকোৱা বুলি কাম পৰিচালনা কৰা সমিতি আৰু স্থানীয় ৰাইজে সাংবাদিকৰ আগত প্ৰকাশ কৰে।
প্ৰথম কিস্তিত প্ৰায় চাৰি লাখ টকা মোকলাই দিয়ে যদিও আজিলৈ জমা দিয়া আগধন দশ শতাংশ (এক লাখ ষাঠি হাজাৰ)ৰ আধাও এতিয়ালৈকে ঘূৰাই নোপোৱাত সংশ্লিষ্ট গাঁও পঞ্চায়তত এক বৈঠকত আমানতৰ আগধন ঘুূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে যদিও চুক্তি সাপেক্ষে মাত্ৰ ৯০ হাজাৰ টকা খাৰুপেটীয়াৰ জয়নাল বেপাৰীৰ হাতত জমা দিলেও মাত্ৰ চল্লিশ হাজাৰ টকাহে সদস্যকেইজনক বিতৰণ কৰে। ভুক্তভোগীৰ অভিযোগ মতে ব্লকৰ বিষয়া কৰ্মচাৰীয়ে আত্মসাৎ কৰিছে।
ইফালে উক্ত কামৰ সবিশেষ তথ্য জানিবলৈ সাংবাদিকৰ দল এটাই দলগাঁও-শিয়ালমাৰী উন্নয়ন খণ্ডত যায় যদিও ব্লকৰ গাণনিক বিষয়াই প্ৰথমতে তথ্য দিবলৈ অস্বীকাৰ কৰে আৰু পাছলৈ দৰ্খাস্ত দিবলৈ কয়। প্ৰশ্ন হৈছে সাংবাদিকক তথ্য দিবলৈ অস্বীকাৰ কৰাৰ আঁৰৰ ৰহস্য কি? ব্লক আৰু জিলা প্ৰকল্প বিষয়াই সঁচাকৈয়ে কমিছনৰাজ চলাইছে নেকি? দুৰ্নীতিৰ বিৰুদ্ধে আপোচ নকৰা সোণোৱাল চৰকাৰে এই ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত লক্ষ্যণীয় হ’ব।