ভূৰাগাঁৱত অব্যাহত আছে ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ তাণ্ডৱ

 07/03/2019 - 14:52

লাহৰীঘাটঃ মৰিগাঁও জিলাৰ লাহৰীঘাট, ভূৰাগাঁৱত অব্যাহত আছে ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ তাণ্ডৱ। ব্ৰহ্মপুত্ৰৰ খহনীয়াত অঞ্চলটোৰ বহু ঐতিহ্যমণ্ডিত মছজিদ, মন্দিৰ, শিক্ষানুষ্ঠানৰ লগতে জাহ গৈছে হেজাৰ হেজাৰ লোকৰ মাটি-ভেটি। নিজৰ ভেটি মাটি হেৰুৱাই বহুলোকে মুকলি আকাশৰ তলত জীৱন কটাবলগীয়া পৰিস্থিতিৰ সন্মুখীন হৈছে।

অতি পৰিতাপৰ বিষয় এই যে আজিলৈকে চৰকাৰ কিম্বা জিলা প্ৰশাসনে এই খহনীয়াগ্ৰস্ত লোকসকলৰ পুনৰ সংস্থাপনৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। একালত শ শ বিঘা কৃষি মাটি থকা জমিদাৰসকলো সম্প্ৰতি ৰাজপথৰ দাঁতি অথবা মথাউৰিত কোনোমতে আশ্ৰয় লৈ আছে। পৰিয়াল পোহ-পাল দিয়াৰ বাবে কামৰ সন্ধানত ঘৰৰ পৰা ওলাই গ’লে নানা ধৰণৰ সমস্যাৰ সন্মুখীন হ’ব লগা হয় এই লোকসকলে।

মৰিগাঁও জিলা আমছুৰ সভাপতি দিলোৱাৰ হুছেইন, উপ-সভাপতি জেহেৰুল ইছলাম, সাংগঠিনক সম্পাদক মোজাম্মিল সেখৰ লগতে এটি সঁজাতি দলে গৰাখহনীয়াগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি চৰকাৰক অতি সোনকালে গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধান কৰাৰ লগতে খহনীয়াত সৰ্বস্বান্ত হোৱা পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দিবলৈ চৰকাৰক দাবী জনায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।