07/03/2019 - 15:16
in
বৰপেটাঃ বৰপেটা জিলাৰ ডিএছপি সমীৰণ বৈশ্যৰ নেতৃত্বত বৰপেটাৰ মুছলিমপট্টি মহেন্দ্ৰ মোহন চক সংলগ্ন ভিআইপি ৰোডত যান-জঁট নিয়ন্ত্ৰণৰ হেতু এক পদক্ষেপ গ্ৰহণ কৰে আৰক্ষী তথা জিলা প্ৰশাসনে। এই প্ৰচেষ্টাত স্বয়ং ডিএছপি সমীৰণ বৈশ্য, বৰপেটা নগৰ আৰক্ষী পৰিদৰ্শক ধনমণি ডেকা উপস্থিত থাকি নথিপত্ৰ নোহোৱা তথা হেলমেটবিহীন বাইক চালকসকলক জৰিমনা বিহে।
আৰক্ষী প্ৰশাসনৰ এই অতৰ্কিত অভিযানত আইন নমনা কিছু বাইক আৰোহী বিমোৰত পৰে। ডিএছপি সমীৰণ বৈশ্যই সাংবাদিকৰ জৰিয়তে জনায় যে বৰপেটা চহৰত হোৱা তীব্ৰ যান-জঁট ৰাইজে নিজেই নিৰাময় কৰিব লাগিব লগতে আৰক্ষী প্ৰশাসনক সকলো সময়তে সহায় কৰি যাব লাগিব। নিজৰ জীৱন নিজৰ হাতৰ মুঠিত সেয়েহে বাইক চলাওঁতে হেলমেট পৰিধান কৰক লগতে নিজেও সুৰক্ষিত হওক আনকো সুৰক্ষিত কৰক বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।