নাজিৰাঃ শিৱসাগৰ নাজিৰাত বিশেষ এখন বিবাহ, এইয়া বোলছবি জগত নাইবা ধাৰবাহিকৰ বিবাহৰ দৃশ্য নহয়। বিবাহপাশত আৱদ্ধ হ'ল অসমীয়া ধাৰাবাহিক, বোলছবি আৰু ভ্ৰাম্যমাণ নাট্যজগতৰ অভিনেতা দেৱাশীষ বৰঠাকুৰ আৰু অসমীয়া ধাৰাবাহিক বোলছবি, ভ্ৰাম্যমাণ নাট্যজগতৰ অভিনেত্ৰী সুকন্যা ৰাজগুৰু। উদুলি-মুদুলি বিয়াৰ ৰভা থলী। সম্পন্ন হ'ল অভিনেতা দেৱাশীষ বৰঠাকুৰ আৰু অভিনেত্ৰী সুকন্যা ৰাজগুৰুৰ বিবাহ। কিন্তু বিয়াখনত দেখা গ'ল এক প্ৰশংসনীয় পদক্ষেপ।
অভিনেতা দেৱাশীষ বৰঠাকুৰৰ যোৱাকালি মংগলবাৰে অনুস্থিত হয় শুভ-বিবাহৰ অভ্যৰ্থনা। বিবাহৰ অভ্যৰ্থনালৈ অহা অতিথিসকলক অভিনেতা দেৱাশীষ বৰঠাকুৰ আৰু অভিনেত্ৰী সুকন্যা ৰাজগুৰুৰ তৰফৰ পৰা উপহাৰ দিয়া দেখা গ'ল সেউজী ধৰণী ৰক্ষা কৰা উদ্দেশ্যে একােটাকৈ গছ পুলি। কাহানিও নেদেখা এক সুন্দৰ বাৰ্তা কঢ়িয়াই আনিলে অভিনেতা দেৱাশীষ বৰঠাকুৰ আৰু অভিনেত্ৰী সুকন্যা ৰাজগুৰুৱে।