Error message

  • Deprecated function: Creation of dynamic property MergeQuery::$condition is deprecated in MergeQuery->__construct() (line 1357 of /home/pratibm/web/pratibimbalive.com/public_html/includes/database/query.inc).
  • Deprecated function: Creation of dynamic property DatabaseCondition::$stringVersion is deprecated in DatabaseCondition->compile() (line 1887 of /home/pratibm/web/pratibimbalive.com/public_html/includes/database/query.inc).

হাজাৰ হাজাৰ পক্ষীৰ বিচৰণ শদিয়াৰ কুণ্ডিল পক্ষী বিচৰণ স্থলীত

 07/03/2019 - 15:44

কাকপথাৰঃ বৰ্তমান সময়ত অবাধ হাৰত বন ধ্বংসৰ লগতে বন্যপ্ৰাণীৰ নিধন যজ্ঞই পৃথিৱীৰ বুকুলৈ সঘনাই সংকেত কঢ়িয়াই অনাৰ সময়তে এক অসুস্থিৰ বাতাবৰণৰ মাজতো কিছুমান ব্যতিক্ৰমী পদক্ষেপে প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা কৰাৰ ক্ষেত্ৰত কিছু আশাৰ ৰেঙণি কঢ়িয়াই আনিছে। বৰ্তমান সময়ত শদিয়াত প্ৰকৃতি সুৰক্ষাৰ ক্ষেত্ৰত এক ব্যতিক্ৰমী প্ৰদক্ষেপ লবলৈ আগবাঢ়ি আহিছে "সেউজী শদিয়া সেনানি" নামৰ এক প্ৰকৃতি প্ৰেমী সংগঠন।

শদিয়াৰ কেইজনমান যুৱকৰ দ্বাৰা গঠন হোৱা এই সংগঠনটোৰ তত্ত্বাৱধানত পৰ্যটন আৰু পক্ষী সংৰক্ষণৰ গুৰুত্বপূৰ্ণ স্থলীলৈ পৰিৱৰ্তিত হৈ পৰিছে শদিয়াৰ চপাখোৱা সদৰৰ পৰা আধা কিলোমিটাৰ নিলগৰ কুণ্ডিল নদীৰ পাৰত থকা এটি জলাশয়। উক্ত জলাশয়টো কুণ্ডিল নদীৰ এৰা সুঁতি আছিল আৰু বছৰ বছৰ ধৰি এই জলাশয়টো বগ, বগলী, পানী কাউৰী, কণা মুচুৰী, ডাউক, দৰিক, শালিকা, শৰালী, বন কুকুৰা, কাম চৰাই, বনৰীয়া হাঁহ, দেও হাঁহৰ উপৰি জলাশয়টোৰ দাঁতি কাষৰত লাগি থকা বনাঞ্চলখনত হুগৰী পহু, হৰ পহু, শিয়াল, জহামাল, নেউল, নিফেৰা ইত্যাদি বিভিন্ন জন্তুৰ বিচৰণস্থলী হৈ আহিছে।

কিন্তু পৰিতাপৰ বিষয় যে এই অঞ্চলটোৰ পৰা কিছুমান দুষ্কৃতিকাৰীয়ে বিগত কেইটামান বছৰ ধৰি জলাশয়টোৰ পৰা অবাধ হাৰত পক্ষী নিধন যজ্ঞ চলাই আহিছিল। উল্লেখ্য যে অঞ্চলটোৰ দাঁতিকাষৰীয়া গোহাঁই গাঁৱৰ এজন প্ৰকৃতিপ্ৰেমী যুৱক ৰমেন বৰগোহাঁইয়ে বহু কষ্ট কৰি পক্ষী নিধন বন্ধ কৰিবলৈ বন বিভাগক বিভিন্ন সময়ত সহায় সহযোগিতা আগবঢ়াই আহিছিল।

কিন্তু তেওঁ অকলশৰীয়া হোৱাত সকলো সময়ত অঞ্চলটোৰ ওপৰত চোৱা-চিতা কৰি থকা অসম্ভৱ হৈ পৰিছিল সেইবাবে তেওঁ শদিয়াৰ প্রকৃতি প্ৰেমী সংগঠন "সেউজী শদিয়া সেনানি"ৰ কাষ চাপি অঞ্চলটোৰ ৰক্ষাৰ স্বাৰ্থত কাম কৰিবলৈ আগবাঢ়িল। পৰৱৰ্তী পৰ্যায়ত শদিয়াৰ মহকুমাধিপতি বিশ্বজিৎ ফুকনৰ পূৰ্ণ সহযোগিতাত পক্ষী বিচৰণ স্থলীৰ নিৰীক্ষণ আৰু পৰ্য্যটন স্থলী বিকাশৰ বাবে এখন পৰিচালনা সমিতি গঠন কৰি সমগ্ৰ জলাশয়টো পৰিচালনাৰ দায়িত্ব অৰ্পণ কৰে "সেউজী শদিয়া সেনানিক"।

পৰৱৰ্তী পৰ্যায়ত শদিয়াৰ মহকুমাধিপতিয়ে উক্ত অঞ্চলটোক কুণ্ডিল পক্ষী বিচৰণস্থলী হিচাপে নামাংকন কৰি "সেউজী শদিয়া সেনানী"য়ে এক অনুষ্ঠান আয়োজন কৰি এই কুণ্ডিল পক্ষী বিচৰণ স্থলী আনুষ্ঠানিকভাৱে পৰ্য্যটকৰ বাবে মুকলি কৰি দিয়ে। উক্ত অনুষ্ঠানত উপস্থিত থাকে শদিয়াৰ মহকুমাধিপতি বিশ্বজিৎ ফুকন, আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰী, ডুমডুমা বন সংমণ্ডল বিষয়া দিলীপ কুমাৰ ডেকাই৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।