দলগাঁওঃ ২৬ জুনত এনআৰচিৰ প্ৰকাশিত অতিৰিক্ত কৰ্তন তালিকাত নাম নথকাৰ বাবেই চিপ লৈ দলগাঁৱৰ শ্যামপুৰত আত্মহননৰ পথ বাচি লৈছিল এগৰাকী কিশোৰীয়ে৷ শ্যামপুৰ থানাৰ অন্তৰ্গত ৰৌমাৰী চাপৰিৰ আব্দুল কালামৰ কন্যা নুৰনেহাৰ বেগমৰ নাম এনআৰচিৰ অতিৰিক্ত কৰ্তন তালিকাত নাম নহাত ভুল বুজি নিজৰ ওৰনাৰে চিপ লৈ আত্মহনন কৰা বুলি অভিযোগ তোলা পৰিয়ালটোৰ কাষত উপস্থিত হয় দেবব্ৰত শইকীয়া।
উক্ত ঘটনাৰ বুজ লোৱাৰ উদ্দেশ্যে বুধবাৰে দুৰ্ভগীয়া নুৰ নেহাৰৰ পৰিয়ালৰক সমবেদনা জ্ঞাপন কৰাৰ লগতে দহ হাজাৰ টকাৰ সাহাৰ্য আগবঢ়ায়। বিৰোধী দলপতি দেবব্ৰত শইকীয়াই সংবাদ মাধ্যমক কয় যে মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত এনআৰচিৰ কাম চলি আছে যদিও কামত নিয়োজিত একাংশ বিষয়াই নিৰপেক্ষভাৱে কাম নকৰাৰ বাবে যথেষ্ট খেলিমেলিৰ সৃষ্টি হৈছে, এই সম্পৰ্কে এনআৰচিৰ সমন্বয়ক প্ৰতীক হাজেলাক অৱগত কৰা হ’ব।
দেবব্ৰত শইকীয়াক সংগ দিয়ে প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰূপক শৰ্মা আৰু দৰং জিলা সমিতিৰ সভানেত্ৰী ৱাহিদা আহমেদ শ্যামপুৰ গাঁও পঞ্চায়তৰ সভাপতি মফিদুল ইছলাম শ্যামপুৰ মণ্ডল কংগ্ৰেছৰ সভাপতি চান মিয়া আৰু ছাইদুৰ ৰহমানে।