মাছ ধৰিবলৈ গৈ চাৰি কিশোৰৰ সলিল সমাধি বৰপেটাত

 07/04/2019 - 12:41

ডিজিটেল ডেস্কঃ বৰপেটা জিলাৰ নগাঁৱৰ ৰায়তপাৰাত বুধবাৰে আবেলি একে ঘৰৰে চাৰি কিশোৰৰ মাছ ধৰিবলৈ গৈ সলিল সমাধি ঘটে। জানিব পৰা মতে ঘৰৰ পিছফালে থকা পথাৰত জাল পাতিবলৈ গৈ পুখুৰীত পৰি চাৰিগৰাকী কিশোৰৰ সলিল সমাধি ঘটে।

সলিল সমাধি ঘটা কিশোৰ কেইগৰাকী হ’ল-ধনজিত দাসৰ পুত্ৰ কৌশিক দাস(১০), ৰণজিত দাসৰ পুত্ৰ অংকুৰ জ্যোতি দাস(১০), খনীন দাসৰ পুত্ৰ হিমাংগ দাস(১৭) আৰু বলভদ্ৰ দাসৰ পুত্ৰ অংকুশ দাস(১৪)। কিশোৰ কেইগৰাকীক উদ্ধাৰ কৰি প্ৰথমতে নগাঁও খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যায় যদিও ততাতৈয়াকৈ বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে।

বৰপেটা মেডিকেলত কিশোৰ কেইগৰাকীক মৃত বুলি ঘোষণা কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।